নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত যোৱা ২৪ ঘণ্টাত ২৯ জনৰ মৃত্যু, ১৪৬৩ জন নতুনকৈ আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ দেশত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০,৮১৫ জনলৈ বৃদ্ধি পাইছে । দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শেহতীয়াকৈ জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত ১৪৬৩ জন লোক ক’ৰোনাত নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ২৯ জন লোকৰ মৃত্যু ঘটিছে ।

উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ এনে জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পুনৰ লকডাউনৰ সীমা অহা ৩ মে’ পৰ্যন্ত বৃদ্ধি কৰিছে ।

You might also like