নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ১১ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈকে দেশত ৫৬০ গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । ইফালে, মঙলবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত এই মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যুক আঁকোৱালি লয় ৬৫ বছৰীয়া এগৰাকী বৃদ্ধাই । বুধবাৰে তামিলনাডুত এগৰাকী ৫৪ বছৰীয়া লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাচতে ভাৰতত ১১ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা ।

উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে সন্ধ্যা দেশবাসীক সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ তথা পৰিয়ালৰ সুৰক্ষাৰ বাবে ঘৰতে থকাৰ আহ্বান জনায় । ইফালে, আগন্তুক ২১ দিনলৈ দেশত লকডাউন ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

বৰ্তমানলৈকে সমগ্ৰ বিশ্বত ৪,২২,৮২৯ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৮,৯০৭ গৰাকীকৈ লোকৰ ।

You might also like