নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা। শনিবাৰে পুৱা পৰ্যন্ত দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৪,৩৫২ জনলৈ বৃদ্ধি পাইছে । বিপৰীতে প্ৰাণ হেৰুৱাইছে ৪৮৬ জন লোকে । বিগত ২৪ ঘণ্টাত ৯২০ জন লোক আক্ৰান্ত হৈছে ।
ইয়াৰে সৰ্বাধিক মহাৰাষ্ট্ৰত ৩২২০ জন, দিল্লীত ১৭০৭ জন, তামিলনাডুত ১৩২৩ জন লোক আক্ৰান্ত হৈছে ।