নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ৫০ জনৰো অধিক চিকিৎসক, চিকিৎসা কৰ্মীৰ শৰীৰত ক’ভিড-১৯

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা ৫০ জনৰো অধিক চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক সূত্ৰত এই কথা প্ৰকাশ । স্বাস্থ্য মন্ত্ৰালয়ে বৰ্তমান সুক্ষ্মভাৱে এই কথা পৰ্যবেক্ষণ কৰি আছে যে এই চিকিৎসক আৰু চিকিৎসা কৰ্মীসকল ৰোগীক চিকিৎসা প্ৰদান কৰাৰ সময়ত আক্ৰান্ত হৈছে নে আন কাৰণত ।

উল্লেখ্যে যে, চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ বাবে প্ৰতিৰক্ষা সামগ্ৰী(পিপিই) যথোপযুক্ত যোগান নথকা বাবেই ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ সময়ত যথেষ্ট সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে । যাৰ বাবে দেশৰ চিকিৎসাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই থকা চিকিৎসক-নাৰ্চ-কৰ্মীসকল ক’ৰোনা ভাইৰাছত সংক্ৰমণৰ সম্ভাৱনা নথকা নহয় ।

You might also like