নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ৮ বছৰত মৃত্যু ঘটিছে ৭৫০টা বাঘৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  বিগত ৮ বছৰত দেশে হেৰুৱাইছে ৭৫০টা বাঘ৷ চোৰাং চিকাৰৰ লগতে বিভিন্ন কাৰণত নিধন হোৱা বাঘৰ তালিকাত শীর্ষ স্থানত আছে মধ্যপ্রদেশ৷

ৰাজ্যখনত ১৭৩টা বাঘ নিধন হৈছে৷ ৭৫০টা বাঘৰ ভিতৰত স্বাভাৱিক মৃত্যু ঘটিছে ৩৬৯টাৰ, চোৰাং চিকাৰীৰ হাতত নিহত হৈছে ১৬৮টা৷ নিৰীক্ষণ অৱস্থাতে মৃত্যু ঘটিছে ৭০টাৰ আৰু অপ্রাকৃতিক কাৰণত মৃত্যু ঘটিছে ৪২টাৰ৷

অপ্রাকৃতিক কাৰণৰ ভিতৰত দুর্ঘটনা কিম্বা নিজৰ মাজতে সংঘর্ষ৷ পি টি আইৰ সাংবাদিকে জনোৱা আৰ টি আইৰ উত্তৰ দি নেচনেল টাইগাৰ কনজাৰভেচন অথ’ৰিটীৰ (এন টি চি এছ) ২০১২ৰ পৰা ২০১৯লৈকে দেশত মৃত্যু হোৱা বাঘৰ তালিকা প্রকাশ কৰিছে৷ উল্লেখ্য যে কেন্দ্রীয় বনমন্ত্রী প্রকাশ জাভাড়েকাৰে যোৱা ডিচেম্বৰত দেশত বাঘৰ সংখ্যা ৭৫০টা বৃদ্ধি হোৱা বুলি উল্লেখ কৰিছিল৷ অর্থাৎ বিগত ৪ বছৰত ২,২২৬ৰ পৰা বাঘৰ সংখ্যা ২,৯৭৬ হোৱা বুলি প্রকাশ কৰিছিল৷

You might also like