নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবিৰোধী সংঘর্ষৰ ষড়যন্ত্র পাকিস্তানৰ

আমেৰিকাৰে ‘+২’ সন্মিলনত মন্ত্রী ৰাজনাথ সিং

নিউজডেস্ক, ২০ ডিচেম্বৰঃ ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনক লৈ উত্তপ্ত পৰিস্থিতি অব্যাহত থকা সময়তে আমেৰিকাৰে গুৰুত্বপূর্ণ ‘২+২’ সন্মিলন অনুষ্ঠিত হৈছে ভাৰতত ৷

এই সন্মিলনত মার্কিন বিদেশ সচিব মাইক পম্পি’, ভাৰতৰ বিদেশমন্ত্রী এছ জয়শংকৰ, ভাৰতৰ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং আৰু মার্কিন প্রতিৰক্ষা সচিব মার্ক এছপাৰ উপস্থিত থাকে৷ এই আলোচনা কালত ভাৰতৰ নাগৰিকত্ব আইন আৰু ধর্মীয় স্বাধীনতাৰ প্রসংগ উত্থাপন কৰি মাইক পম্পি’ৱে দেশখনৰ গণতন্ত্রক সন্মান জনোৱা উচিত বুলি গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷

ইফালে, ভাৰতৰ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে এক যৌথ সংবাদ মেলত উল্লেখ কৰে যে আফগানিস্তান, পাকিস্তান, নেপাল, শ্রীলংকা আৰু ভাৰত মহাসাগৰীয় অঞ্চলত নতুন দিল্লী প্রশাসন তথা ৱাশ্বিংটনে মত বিনিময় কৰে৷

পাকিস্তানী নেতৃত্বই ভাৰতবিৰোধী সংঘর্ষৰ বাবে বিভিন্ন সময়ত বিতর্কিত মন্তব্য কৰি অহা বুলিও ৰাজনাথ সিঙে উল্লেখ কৰে৷ এনে পৰিস্থিতিত ভাৰতে পাকিস্তানৰ সৈতে শান্তিৰ পৰিৱেশ গঢ়িব নোৱাৰে বুলিও স্পষ্ট কৰি দিয়ে প্রতিৰক্ষামন্ত্রী সিঙে৷

স্মর্তব্য যে দুয়োখন দেশৰ মাজত চলা এই গুৰুত্বপূর্ণ আলোচনা ইতিবাচক বুলি উভয় পক্ষই সদৰী কৰিছে৷

You might also like