নিয়মীয়া বাৰ্তা, ৩ জুনঃ চৰকাৰে অব্যাহত ৰখা বিভিন্ন সংস্কাৰৰ বাবেই দেশখনে আর্থিক বিকাশ ওভতাই পোৱাটো নিশ্চিত৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে চৰকাৰে অতি কঠিন পদক্ষেপ ল’লেও অর্থনীতিৰ প্রতি সচেষ্ট হৈ আছে৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷
কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রী (চিআইআই)ৰ বার্ষিক অধিৱেশনক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে দেশবাসীক আর্থিক বিকাশক লৈ আশ্বস্ত কৰি দিয়ে৷ আত্মনির্ভৰ ভাৰতৰ প্রসংগ উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে মেড ইন ইণ্ডিয়াৰ সামগ্রী বিশ্বৰ বাবেই তৈয়াৰী বুলি কয়৷ অর্থাৎ মেড ইন ইণ্ডিয়া, মেড ফৰ দ্য ৱর্ল্ডক প্রাধান্য দি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশীয়ভাৱে সামগ্রী উৎপাদন কৰিব পাৰিলে আমদানি হ্রাস কৰিব পৰা যাব৷ ক’ৰোনা ভাইৰাছৰ শৃংখল ভংগৰ বাবে লকডাউন বলৱৎ কৰি এফালে দেশৰ জনতাৰ জীৱন ৰক্ষা কৰাৰ বিপৰীতে আনফালে অর্থনীতিও সুস্থিৰ কৰি ৰাখি আর্থিক বিকাশ বৃদ্ধি কৰিব বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷
দেশৰ আর্থিক বিকাশ ওভতাই অনাৰ ক্ষেত্রত কৃষক, ক্ষুদ্র ব্যৱসায়ী আৰু উদ্যোগীয়ে তেওঁক বিশ্বাস দিছে বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– ক’ৰোনাই আমাৰ বিকাশৰ গতি লেহেম কৰিছে৷ কিন্তু দেশ এতিয়া লকডাউনৰ পৰা আনলক–১লৈ আগবাঢ়ি গৈছে৷ আনলক–১ত অর্থনীতিৰ বৃহৎ অংশ মুকলি কৰা হৈছে৷ উচ্চ বিকাশ কৰিবলৈ হ’লে ভাৰতে পাঁচটা বিষয়ক গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ এই পাঁচটাক ক্রমে ইণ্টেন (পৰিকল্পনা অথবা উদ্দেশ্য), ইনক্লুছন (অন্তর্নিৱেশ), ইনভেষ্টমেণ্ট (বিনিয়োগ), ইনফাষ্ট্রাকচাৰ (আন্তঃগাঁথনি) আৰু ইন’ভেচন (উদ্ভাৱন) বুলি কয়৷ বিনিয়োগ আৰু বাণিজ্যৰ বাবে দেশখনত সঠিক বাতাৱৰণ গঢ়াৰ বাবে চৰকাৰে অহৰহ প্রয়াস চলাই থকা বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷