নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ৪ ৰাজ্যৰ দুই প্ৰজাতিৰ বাদুলীৰ শৰীৰত ক’ৰোনা

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছক লৈ আতংকই বিৰাজ কৰি থকাৰ সময়তে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ এক ৰিপৰ্টে ভাৰতত সৃষ্টি কৰিছে চাঞ্চল্য । আইচিএমআৰৰ তথ্য অনুসৰি দেশৰ ৪ খন ৰাজ্যৰ দুই প্ৰজাতিৰ বাদুলীৰ শৰীৰত পোৱা গৈছে ক’ৰোনা ভাইৰাছ ।

বিগত দুই দশক ধৰি বাদুলীক বহু ভাইৰাছৰ বাহক ৰূপে নিৰ্ণয় কৰি অহা হৈছে । নিপা , হেন্দ্ৰে, ইবলাকে ধৰি বহু ভাইৰাছ বাদুলীৰ পৰা সংক্ৰমিত হোৱাৰ তথ্য আছে । সেয়ে বহুতেই আশংকা কৰিছিল যে ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ সৈতেও যোগসূত্ৰ আছে বাদুলীৰ ।

আই চি এম আৰৰ সেই ৰিপৰ্টত সেই আশংকা সম্পূৰ্ণ ৰূপে সত্য প্ৰমাণিত হৈছে । ১৩ এপ্ৰিলত প্ৰকাশিত এক গৱেষণাপত্ৰত গৱেষকে কৈছে , বাদুলীত ক’ৰোনা ভাইৰাছ আছে নে নাই সেয়া জানিবৰ বাবে ২০১৮-১৯ বৰ্ষতে সংগৃহীত মেডিয়াচ আৰু ৰাউছটাছ প্ৰজাতিৰ বাদুলীক লৈ পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা চলাইছিল তেওঁলোকে । সেই পৰীক্ষাত বাদুলীৰ শৰীৰত ক’ৰোনা ভাইৰাছ ধৰা পৰিছে । কেৰালা , হিমাচল , তামিলনাডু আৰু পুডুচেৰী এই চাৰিটা স্থানৰ বাদুলীৰ ওপৰত পৰীক্ষাৰ অন্তত আহিছে পজিটিভ ৰিপৰ্ট । এই ৰিপৰ্ট অহাৰ পাচতেই এতিয়া শংকিত হৈ পৰিছে সকলো । উল্লেখ্য যে, ভাৰতত মুঠ ১১৭ প্ৰজাতিৰ বাদুলী পোৱা যায় ।

You might also like