নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–বাংলা সীমান্তত হ’ব অত্যাধুনিক ফেন্সিং : কাটিব নোৱাৰে অনুপ্রৱেশকাৰীয়ে

ব্যয় হ’ব ১৪.৩০ কোটি টকা

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰে ভাৰত–বাংলাদেশ সীমান্তত থকা কাঁইটীয়া তাঁৰ সলনি কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে ৷ এইবাৰ চৰকাৰে সীমান্ত অঞ্চলত অত্যাধুনিক ফেন্সিঙৰ ব্যৱস্থা কৰিছে ৷ ফলত অবৈধভাৱে সীমান্ত পাৰ হ’ব বিচৰা অনুপ্রৱেশকাৰীয়ে এই কাঁটাতাঁৰ সহজে কাটিব নোৱাৰিব ৷ এক চৰকাৰী সূত্র মতে লাঠিটিলা শিলচৰ অঞ্চলত পাইলট প্রজেক্টৰ অন্তর্গত এই অত্যাধুনিক কাঁইটীয়া তাঁৰৰ সংযোগ ব্যৱস্থা আৰম্ভ কৰিব ৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, এই আঁচনিত খৰচ পৰিব প্রায় ১৪.৩০ কোটি টকা ৷ উল্লিখিত সীমান্ত অঞ্চলৰ ৭.১৮ কিলোমিটাৰজুৰি পুৰণি কাঁটাতাঁৰ গুচাই এনে কাঁটাতাঁৰ স্থাপন কৰাৰ প্রক্রিয়া আৰম্ভ হৈছে ৷ প্রতি কিলোমিটাৰ ফেন্সিঙত ১.৯৯ কোটি টকা ব্যয় হ’ব বুলিও সূত্রটোত প্রকাশ ৷ উল্লেখ্য যে ভাৰত–পাকিস্তান সীমান্ত অঞ্চলতো এনে অত্যাধুনিক ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে ৷ কাশ্মীৰ সীমান্তত পাক সেনা আৰু আইএছআইৰ সহযোগত অনুপ্রৱেশকাৰী সন্ত্রাসবাদী ভাৰতত প্রৱেশ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে এই প্রচেষ্টা ব্যর্থ কৰিবৰ বাবে এনে ফেন্সিঙৰ ব্যৱস্থা গ্রহণ কৰিছে ৷ উল্লেখ্য যে ভাৰত–বাংলা সীমান্ত সুৰক্ষিত কৰিবলৈ এনে প্রচেষ্টা গ্রহণ কৰাৰ উপৰি ধুবুৰীত ভাৰত–বাংলাদেশ সীমান্তৰ ব্রহ্মপুত্রৰ দুয়োপাৰেও ভাৰত চৰকাৰে ফেন্সিং দিয়াৰ কাম আৰম্ভ কৰিছে ৷

You might also like