‘মই বিজেপিৰ পৰাহে পৃথক হৈছোঁ, হিন্দুত্বৰ পৰা নহয়’
অযোধ্যাত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে
নিয়মীয়া বাৰ্তা, ৮মার্চঃ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ঘোষণা কৰিছে যে তেওঁৰ চৰকাৰে উত্তৰ প্রদেশৰ অযোধ্যাত নির্মাণ হ’ব লগা ৰাম মন্দিৰৰ বাবে এক কোটি টকা অনুদান হিচাপে আগবঢ়াব৷ মুখ্যমন্ত্রী থাক্ৰেই যোৱা বছৰ ডিচেম্বৰত মুখ্যমন্ত্রী হিচাপে শাসনভাৰ গ্রহণ কৰাৰ পিছত প্রথমবাৰৰ বাবে অযোধ্যা ভ্রমণলৈ আহিছে৷ উল্লেখ্য যে শিৱসেনাই বিজেপিৰ সৈতে জোঁটবন্ধন ভংগ কৰি কংগ্রেছ আৰু এনচিপিৰ সৈতে লগ লাগি মহাৰাষ্ট্রত চৰকাৰ গঠন কৰিছিল৷ ‘মই বিজেপিৰ পৰাহে পৃথক হৈছোঁ, হিন্দুত্বৰ পৰা নহয়৷ বিজেপি হিন্দুত্ব নহয় ৷ হিন্দুত্ব এটা পৃথক বস্তু আৰু মই ইয়াৰ সৈতে পৃথক হৈ যোৱা নাই৷’ অযোধ্যাত এখন জনসভাত সম্বোধন কৰি উদ্ধৱ থাকৰেই এইদৰে কয়৷ ৰাম জন্মভূমিত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীজনে এক আৰতিৰ অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল যদিও ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাত তেওঁ এই অনুষ্ঠান বাতিল কৰে৷ মুখ্যমন্ত্রীজনে সাংবাদিকৰ আগত কয়– ‘মই কালি যোগীজীৰ লগত কথা–বতৰা পাতিছোঁ আৰু তেওঁক কৈছোঁ যে আমি এই মন্দিৰ নির্মাণ কৰিম আৰু তেওঁক এই অনুৰোধো কৰিম ৰাম ভক্তৰ বাবে অযোধ্যাত অলপ স্থান যাতে দিয়া হয়, যিসকলে মন্দিৰ নির্মাণত সহায় কৰিব পাৰিব৷ মহাৰাষ্ট্র চৰকাৰে মন্দিৰ নির্মাণৰ বাবে এক কোটি টকাৰ অনুদান আগবঢ়াব৷’ উল্লেখ্য যে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী হিচাপে কালি উদ্ধৱ থাকৰেই ১০০ দিন সম্পূর্ণ কৰিলে