নিয়মীয়া বাৰ্তা, ৭ মার্চঃ মধ্য প্রদেশত গভীৰ সংকটত পৰিছে শাসকীয় কংগ্রেছ দল ৷ শেহতীয়াকৈ সন্ধানহীন হোৱা চাৰি কংগ্রেছৰ বিধায়কৰ এগৰাকীয়ে বিধানসভাৰ অধ্যক্ষ এন পি প্রজাপতিলৈ প্রেৰণ কৰিছে পদত্যাগ পত্র ৷ এই পদত্যাগ পত্র প্রেৰণ কৰা কংগ্রেছ বিধায়কগৰাকী হৈছে হৰদীপ সিং ডাং ৷ পদত্যাগ পত্রখনত হৰদীপ সিঙে উল্লেখ কৰিছে যে একেৰাহে দ্বিতীয়টো কার্যকালৰ বাবে সমষ্টিৰ ৰাইজে তেওঁক নির্বাচিত কৰাৰ পিছতো দলৰ শীর্ষ নেতৃত্বই মন্ত্রিত্ব প্রদান কৰা নাই৷ বর্তমান যিসকল মন্ত্রী আছে তেওঁলোক দুর্নীতিগ্রস্ত চৰকাৰখনৰ অংশ বুলিও উল্লেখ কৰিছে বিধায়কগৰাকীয়ে৷ উল্লেখনীয় যে বিজেপিয়ে মধ্যপ্রদেশৰ কংগ্রেছ চৰকাৰখনৰ পতনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ এইক্ষেত্রত দহগৰাকী কংগ্রেছ বিধায়কে বিজেপিক সহযোগিতা আগবঢ়োৱা বুলি অভিযোগ উঠিছে৷ এই দহগৰাকী বিধায়কৰ এগৰাকী হৈছে হৰদীপ সিং ডাং৷ অৱশ্যে কংগ্রেছে দিল্লীৰ সমীপৰ গুড়গাঁৱৰ এখন হোটেলৰ পৰা ছগৰাকী বিধায়কক মঙলবাৰে নিশা দলৰ মজিয়ালৈ ওভতাই আনিবলৈ সক্ষম হোৱা বুলি ঘোষণা কৰিছে ৷