নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশযানত কি খাব মহাকাশচাৰীয়ে , সবিশেষ মেনু চাওঁক …

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ মহাকাশযানৰ বাবে এতিয়া সম্পূৰ্ণ প্ৰস্তুতি গঢ়ি তুলিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৱে । মহাকাশলৈ প্ৰেৰণ কৰিব লগা চাৰিজন মহাকাশচাৰীৰ প্ৰশিক্ষণো আৰম্ভ হ’ব খুব সোনকালে । মহাকাশত সাতদিন কটাব লগা এইসকলে কি খাদ্য খায় থাকিব সেয়া জানিবলৈ আপোনাৰো নিশ্চয় মন যায় । তেন্তে জানো আহক তেওঁলোকৰ খাদ্য তালিকাত কি থাকিব ।

জানিব পৰা মতে , এওঁলোকৰ খাদ্য তালিকাত থাকিব কেৱল ভাৰতীয় খাদ্য । এই তালিকাত আছে – ইডলি , উপমা, ভেজিটেবল পোলাও , ভেজিটেবল ৰোলৰ লগতে সুস্বাদু কেতবোৰ খাদ্য পেকেজিং খাদ্য । এই তালিকাত আছে মগু দাইলৰ হালুৱা ।

এই খাদ্য সমূহ তৈয়াৰ কৰা হ’ব মহীশূৰৰ ডিফেন্স ফুড ৰিচাৰ্ছ লেৱৰেটৰীত । খাদ্য সমূহ গৰম কৰাৰ বাবে মহাকাশযানত থাকিব এক বিশেষ হিটাৰ ।

You might also like