নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবিদ্যালয় এৰিলে কিন্ত কঠোৰ পৰিশ্ৰম ত্যাগ নকৰিলে.. তাৰ পিছত সমগ্ৰ বিশ্বতে জনপ্ৰিয় সেইজন

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ২০০৪ চনৰ আজিৰ দিনটোতেই মাৰ্ক জুকাৰবাৰ্গে ফেচবুকৰ আৰম্ভণি কৰিছিল। ফেচবুকৰ অপাৰ জনপ্ৰিয়তাৰ পিছতেই মাৰ্ক জুকাৰবাৰ্গৰ জীৱনটো সম্পূৰ্ণ সলনি হৈ গল। কিন্তু মাৰ্ক জুকাৰবাৰ্গৰ জীৱনত বহু পৰিশ্ৰম কৰি আজি এই লক্ষ্যত উপনীত হৈছে। মাৰ্ক জুকাৰবাৰ্গ ১৯৮৪ চনত নিউয়ৰ্কত জন্ম আছিল। নিউয়ৰ্কতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে জুকাৰবাৰ্গে। স্কুলত মেধাৱী ছাত্ৰ হিচাপে মাৰ্কে খ্যাতি লাভ কৰিছিল। মাত্ৰ ১২ বছৰ বয়সতে কম্পিউতাৰৰ প্ৰতি বহু ধাউতি আছিল যাৰ বাবে মাৰ্কৰ দেউতাকে C++ৰ নামৰ এখন কিতাপ উপহাৰ দিছিল। তাৰ পিছতে মাৰ্কে এটা মেছেজিং প্ৰগেম তৈয়াৰ কৰিছিল যত পিতৃয়ে নিজৰ কাৰ্যালয়ত ব্যৱহাৰ কৰিছিল।
ফেচবুকৰ আগতে মাৰ্কে ফেচেসমাচ নামৰ এটা ৱেবচাইট আৰম্ভ কৰিছিল। কিন্তু ৱেবচাইটো বিশেষকৈ ছাত্ৰ সকলৰ মাজত বহু বিবাদ হয়। কিন্তু মাৰ্কে ফেচেসমাচ নামৰ ৱেবচাইটো চলাই থাকিল আৰু তাত প্ৰায় ১০ লাখ লোক ব্যৱহাৰকাৰী হৈছিলগৈ।
ইয়াৰ পিছতেই ২০০৪ চনত জুকাৰবাৰ্গে নিজৰ বন্ধুৰ সৈতে লগ হৈ দা ফেচবুক নামৰ এনেকুৱা এটা ৱেবচাইট বনালে যত ব্যৱহাৰকাৰী সকলে নিজৰ প্ৰফাইল বনাব পাৰে আৰু নিজৰ ফটো আপলোড কৰিব পাৰে। ইয়াৰ পিছত মিছা অভিযোগত জুকাৰবাৰ্গে মহাবিদ্যালয় ত্যাগ কৰিবলগা হয় আৰু নিজৰ সম্পূৰ্ণ সময় ফেচবুকক দিয়ে। ইয়াৰ পিছতেই ফেচবুক সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে।
মাৰ্কক টাইম মেগাজিন খনে ২০১০ চনত পাৰ্চন অফ দ্যা ইয়েৰ আৰু ফৰ্বছে তেওঁক বিশ্বৰ শক্তিশালী লোকৰ ভিতৰত ৩৫ জন লোকৰ ভিতৰত স্থান দিছিল। ইমান সফল হোৱাৰ পিছতো মাৰ্কে আজিলৈকে ফেচবুকৰ পৰা এক ডলাৰো দৰমহা লোৱা নাই। ২০১০ চনত আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ জীৱনত আধাৰিত  দ্যা ছছিয়েল নেটৱৰ্ক নামৰ এখন ছবিও চিত্ৰগৃহলৈ গৃহলৈ আহিছিল।

You might also like