নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত ক’ৰোনাত মৃত্যু ১০০ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ দেশৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত আৰক্ষীৰ লোকো দ্রুতগতিত আক্রান্ত হৈছে৷ তদুপৰি প্রাণ হেৰুওৱা আৰক্ষীৰ সংখ্যা ১০০ স্পর্শ কৰিছে৷ যোৱানিশা মুম্বাই আৰু পুনে চহৰৰ এজনকৈ আৰক্ষী কনিষ্টবলৰ ক’ভিড–১৯ত মৃত্যু ঘটাত ৰাজ্যখনত এতিয়ালৈকে ১০০জন আৰক্ষীৰ লোকৰ মৃত্যু ঘটিল৷

ইপিনে, ৰাজ্যখনত ৯,০৯৬জন আৰক্ষীৰ লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে ৯৩৭ বিষয়াও আছে৷ মহাৰাষ্ট্র আৰক্ষী সহকাৰী সঞ্চালকপ্রধান (আইন–শৃংখলা) বিনায়ক দেশমুখে প্রকাশ কৰা মতে, ইতিমধ্যে আক্রান্তৰ ভিতৰত ৭,০৮৪জন আৰক্ষীৰ লোক ক’ৰোনাৰ পৰা সুস্থ হৈ উঠিছে৷ বিগত ৫ দিনৰ ভিতৰত মহাৰাষ্ট্র আৰক্ষীৰ ৮৬৪জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাত আৰক্ষীৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আক্রান্ত আৰু মৃতকৰ ক্ষেত্রত মুম্বাই আৰু পুনে চহৰ শীর্ষস্থানত আছে৷

উল্লেখ্য যে মুম্বাই আৰক্ষীৰ বান্দ্রা ডিভিজনৰ এচিপি দত্তত্রয় ভাৰগুড়ে আৰু তিনিজন আৰক্ষী কালি ক’ভিড–১৯ত নতুনকৈ আক্রান্ত হৈছে৷ মুম্বাই আৰক্ষীৰ মৃত্যুৰ হাৰ ১.৩৪ শতাংশ৷ ৰাজ্যখনত মৃত্যুৰ হাৰ ৫.৮৩ শতাংশ৷

You might also like