নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত বান–ভূমিস্খলনত ৬৫জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৪ জুলাই: মহাৰাষ্ট্রৰ ৰায়গড়, ৰত্নাগিৰি আৰু ছাটাৰা জিলাৰ কেইবাখনো গাঁৱত ভূমিস্খলন তথা বানত কমপক্ষেও ৬৫গৰাকী লোকৰ মৃত্যু হৈছে৷ উল্লেখনীয় যে মুষলধাৰ বৃষ্টিপাতৰ মাজতেই ভূমিস্খলনে অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছে কেইবাখনো জিলাত৷ কালি নিশা ৰায়গড় জিলাত চাৰিটাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ফলত কোলহাপুৰ জিলাৰ ৪৭খন গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ কাৰণ ভূমিস্খলনত বন্ধ হৈ পৰিছে কেইবাটাও গুৰুত্বপূর্ণ পথ৷ ৰায়গড় জিলাত ৩৬গৰাকী লোকৰ ভূমিস্খলনত মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে৷

স্মর্তব্য যে নৌ–সেনাৰ দলেও ভূমিস্খলনত আবদ্ধ লোকৰ বাবে উদ্ধাৰ অভিযান চলাই আছে৷ এতিয়ালৈকে সহস্রাধিক লোকক দুর্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানত আশ্রয় প্রদান কৰা হৈছে৷

স্মর্তব্য যে বিগত কেইবাদিনো ধৰি মহাৰাষ্ট্রৰ মুম্বাই তথা কেইবাখনো জিলাত অতিবৃষ্টিয়ে স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰি ৰাখিছে৷ বতৰ বিজ্ঞান বিভাগে আগন্তুক ২৪ ঘণ্টাত মহাৰাষ্ট্রত মুষলধাৰ বৃষ্টিপাত অব্যাহত থাকিব বুলি সতর্কবাণী কৰিছে৷

You might also like