নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিত খ্রীষ্টিয়ানৰ আগ্রাসনক ধিক্কাৰ

খ্রীষ্টান ধর্ম প্রচাৰ কৰিবলৈ শ্রীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক ব্যৱহাৰ

নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ যীশুৰ বাণী প্রচাৰ কৰিবলৈ অসমীয়া জাতিৰ জনক শ্রীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ব্যৱহাৰ কৰাক লৈ শুকুৰবাৰে সৰৱ হ’ল গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ ভকত–বৈষ্ণৱসকল আৰু বটদ্রৱা থান পৰিচালনা সমিতি৷ এই সন্দর্ভত বটদ্রৱা থান পৰিচালনা সমিতিৰ কার্যালয়ত শুকুৰবাৰে অনুষ্ঠিত এখন সভাত বটদ্রৱা নৰোৱা সত্রৰ সত্রাধিকাৰ তথা শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামীয়ে কয়– সত্র কৃষ্টিৰ দেৱবাদ্য, মাংগলিক শব্দ আৰু গুৰুজনাৰ সৃষ্টিৰাজিক বিকৃত ৰূপত তুলি যীশুৰ নাম বুলি পৰিৱেশন কৰি খ্রীষ্টান ধর্ম প্রচাৰ চলাবলৈ যোৱাটো আমি কেতিয়াও মানি ল’ব নোৱাৰোঁ৷ যীশুৰ বাণী প্রচাৰ চলোৱা ঠাইত নাম ফলকত নামঘৰ বুলি লিখা আছে যদিও খ্রীষ্টান ধর্মত নামঘৰৰ আর্হি নাই–আছে গির্জাঘৰ৷ সেয়ে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা গুৰুজনাৰ সত্র কৃষ্টিৰ বৈভৱময় ঐতিহ্যৰ সংস্কৃতিৰ ওপৰত চলি থকা খ্রীষ্টানৰ আগ্রাসনক নিন্দনীয় বুলি অভিহিত কৰে সত্রাধিকাৰ গোস্বামীয়ে৷

আনহাতে, গুৰুজনাৰ এই অমিয়া সুৰ, তাল, মান, লয়ৰ বৈষ্ণৱ ধর্মৰ ব্যতিৰেকে আন ধর্ম–সংস্কৃতিৰ প্রচাৰত ব্যৱহাৰ হোৱাটো মানি লোৱা নহ’ব বুলি সকীয়াই দিয়ে বটদ্রৱা থান পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি ভোগেশ্বৰ বৰাই৷ অসমৰ জাতীয় জীৱনৰ এই বৈভৱময় সংস্কৃতিৰ ওপৰত খ্রীষ্টানে চলাব বিচৰা আগ্রাসী মনোভাবৰ বিৰুদ্ধে সজোৰে প্রতিবাদ কামনা কৰে বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই৷

গুৰুজনাৰ সৃষ্টিশীলতাৰ বিকৃত ৰূপ প্রদর্শন কৰা বিষয়টো সন্দর্ভত অসমবাসী ৰাইজ, আন আন সত্র অনুষ্ঠান, গুৰুজনাৰ অনুৰাগী বৈষ্ণৱ সমাজ, সত্রৰ ভকতবৃন্দ আৰু অসম তথা ভাৰত চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে বটদ্রৱাৰ সত্র কৃষ্টিৰ সাধক গজেন ৰাজখোৱা, ৰঞ্জিত মহন্ত, সাহিত্যিক দিলীপ কুমাৰ নাথ, অধ্যক্ষ তথা সত্রীয়া ঐতিহ্য পৰম্পৰাৰ গৱেষক ড০ বিমান হাজৰিকা, ড০ ত্রিদীপ গোস্বামী, বটদ্রৱা থান পৰিচালনা সমিতিৰ প্রাক্তন সাধাৰণ সম্পাদক ব্রজেন কাকতি, ডাঃ প্রদীপ কুমাৰ দেৱ মহন্ত, অধ্যাপক প্রাঞ্জল হাজৰিকা, সাহিত্যিক পৰাণ কুমাৰ বৰুৱা, ঠগিত মহন্ত প্রমুখ্যে বিভিন্নজনে৷ অসম সত্র মহাসভাৰ প্রধান সম্পাদক কুসুম মহন্তই গুৰুজনাৰ সৃষ্টিশীলতাক বিকৃত কৰিবলৈ কুণ্ঠাবোধ নকৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰো হুংকাৰ দিয়ে৷ উল্লেখ্য যে ডিব্রুগড়ৰ মৰাণৰ এটি প্রার্থনা গৃহত বৈষ্ণৱ মার্গত যীশু আমাৰ গুৰু পৰিৱেশন কৰা হৈছিল খ্রীষ্টান ধর্মাৱলম্বীৰ অনুষ্ঠানত৷

You might also like