নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ নানডেডত পুনৰ দুই সাধুক হত্যা

নিয়মীয়া বাৰ্তা, ২৫ মেঃ মহাৰাষ্ট্রৰ পালঘৰত দুজনকৈ সাধুসহ তিনিগৰাকী লোকক নৃশংস হত্যাৰ ঘটনাই দেশজুৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ আজিও এই হত্যাকাণ্ডক লৈ চলি আছে প্রতিক্রিয়া৷ পালঘৰৰ শিহৰণকাৰী হত্যাকাণ্ডৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই কালি নিশা ৰাজ্যখনৰ নানডেডৰ এক আশ্রমত উদ্ধাৰ হৈছে এগৰাকী সাধুৰ মৃতদেহ৷ সংবাদ সংস্থা এএনআয়ে সদৰী কৰিছে এই তথ্য৷ নানডেডৰ উম্রি তালুকত থকা আশ্রমত উদ্ধাৰ হোৱা সন্ন্যাসীজনক বালব্রহ্মচাৰী শিৱাচার্য বুলি চিনাক্ত কৰা হৈছে৷ ইফালে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা অন্য এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলিও সংবাদ মাধ্যমে সদৰী কৰিছে৷ এই মৃতদেহটো শিৱাচার্যৰ সহযোগী ভগৱান সিন্ধেৰ বুলি উল্লেখ কৰিছে আৰক্ষীয়ে৷ এই ঘটনা সন্দর্ভত তেলেংগানাত এজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।

You might also like