নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ পাচতেই মোডী-শ্বাহৰ শুভকামনা

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিজেপি চৰকাৰ গঠন হ’ল মহাৰাষ্ট্ৰত । বিজেপিয়ে চৰকাৰ গঠনৰ পাচতেই এতিয়া উৎফুল্লিত হৈ পৰিছে বিজেপিৰ নেতা-কৰ্মীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ । মুখ্যমন্ত্ৰী ৰূপে দেৱেন্দ্ৰ ফাড়নাৱিছে শপত লোৱাৰ পিচতেই টুইটাৰৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰীজনে । মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লোৱা দেৱেন্দ্ৰ ফাড়নাৱিছ আৰু অজিত পাৱাৰে অনাগত দিনত মহাৰাষ্ট্ৰৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে মোডীয়ে ।


ইফালে , বিজেপি সভাপতি অমিত শ্বাহে কয় যে, উন্নয়ন আৰু কল্যাণৰ বাবেই নিৰন্তৰ কাম কৰি যাব চৰকাৰখনে । মহাৰাষ্ট্ৰত প্ৰগতিৰ নৱজাগৰণৰ আনিব বুলি উল্লেখ কৰে দুয়োগৰাকী নেতালৈকে শুভকামনা জনায় ।

You might also like