নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ভাৰতত তীব্ৰ হাৰত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা । এনে সংকটকালত নিজৰ জীৱনকো তুচ্ছ কৰি দিনে-ৰাতিয়ে জনসাধাৰণৰ সুৰক্ষা আগবঢ়াই অহা আৰক্ষীসকলো এতিয়া এই মাৰাত্মক ক’ৰোনাৰ পৰা ৰক্ষা নপৰাত তেওঁলোকৰ জীৱন বিপন্ন হৈ পৰিছে ।
শেহতীয়াকৈ মহাৰাষ্ট্ৰত ২৩ জন আৰক্ষীৰ শৰীৰত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে । যাৰ পাছতে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে ।
Till now, 23 police personnel in Maharashtra have tested positive for Coronavirus.
— ANI (@ANI) April 16, 2020