নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স (AIIMS)ৰ চিকিৎসকে এগৰাকী ৫৯ বছৰীয়া মহিলাৰ জৰায়ুৰ পৰা এটা ফুটবল সদৃশ আকাৰৰ কেন্সাৰযুক্ত টিউমাৰৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে । এই টিউমাৰটোৰ ওজন ১৭.৯ কেজি হোৱাৰ বিপৰীতে সাতটি নৱজাতকৰ ওজনৰ সমতুল্য বুলি চিকিৎসকৰ দলটোৱে প্ৰকাশ কৰিছে।
এই অস্ত্ৰোপ্ৰচাৰৰ সম্পন্ন কৰি চিকিৎসক ডাঃ এম ডি ৰয়ে কয়- “এইটো এটা বিশাল টিউমাৰ আছিল যদিও তাৰ আকাৰটোৱে অস্ত্ৰোপ্ৰচাৰৰ সময়ত কোনোধৰণৰ ব্যাঘাত জন্মোৱা নাছিল । লগতে ই ৰোগীৰ অন্য অংগক প্ৰভাৱিত কৰা নাছিল বাবে ইয়াক সহজেই আতৰ কৰিব পৰা গৈছিল ।”
উল্লেখ্য যে মহিলাগৰাকীৰ ঘৰ হাৰিয়ানাৰ বাহাদুৰগড়ত । ইফালে মহিলাগৰাকীয়ে এই টিউমাৰটোৰ বিষয়ে অৱগত নাছিল । তেওঁ মেদবহুলতাৰ বাবেই তেনেদৰে ওজন বৃদ্ধি পোৱা বুলি ভাবিছিল ।