নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিয়ে আজি চূড়ান্ত কৰিলে প্ৰতিবেদন

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ আজি অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিবলগীয়া প্ৰতিবেদন চূড়ান্ত কৰিলে । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত কৰা এই সমিতিৰ বৈঠকতে আজি চূড়ান্ত কৰা হয় এই প্ৰতিবেদন । অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত আজি অনুষ্ঠিত হৈছিল এই সম্পৰ্কীয় অন্তিমখন বৈঠক ।

ইতিমধ্যে সম্পূৰ্ণ ৰূপৰেখা প্ৰস্তুত কৰা এই প্ৰতিবেদনত স্বাক্ষৰ কৰিছে সমিতিয়ে । এই প্ৰতিবেদনত খিলঞ্জীয়া অসমীয়াৰ অধিকাৰ, সংৰক্ষণ আৰু বহুকেইটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰিব ৬ নং দফা ৰূপায়ণ সমিতিয়ে ।

উল্লেখ্য যে, উচ্চস্তৰীয় সমিতিৰ এই বৈঠকত উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য , সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইনৰ আৰু এই সমিতিত থকা বহুকেইজন গণ্যমান্য ব্যক্তি ।

You might also like