নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ গুজৰাটত বন্দে ভাৰত এক্সপ্রেছ ৰে’লে আহি ম’হৰ জাকক খুন্দা মৰাৰ ফলত ৰে’লখনৰ সন্মুখভাগ বিধ্বস্ত হয়৷ প্রশাসনৰ সূত্রই সদৰী কৰা অনুসৰি মুম্বাইৰ পৰা গুজৰাটৰ গান্ধীনগৰলৈ আহি থকা অৱস্থাতে ৰে’লখন দুর্ঘটনাত পতিত হয়৷ ঘটনাটো সংঘটিত হয় আহমেদাবাদৰ বাটৱা আৰু মণিনগৰ ৰে’ল ষ্টেচনৰ ভিতৰত৷ উল্লেখনীয় যে মাত্র দুদিন পূর্বে বন্দে ভাৰত এক্সপ্রেছ ৰে’লৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এই ঘটনাত চাৰিটা ম’হৰ মৃত্যু হোৱা বুলি ৰে’ল বিভাগে সদৰী কৰিছে৷ অৱশ্যে দুর্ঘটনাৰ কেইঘণ্টামানৰ ভিতৰতে ইঞ্জিনৰ মেৰামতি সম্পন্ন কৰা হয়৷