নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ শৰীৰতেই আছে ক’ৰোনা প্রতিৰোধী ব্যৱস্থা

নিয়মীয়া বার্তা, ১৯ মার্চঃ ক’ভিড–১৯ অর্থাৎ কৰোনা ভাইৰাছে মানৱ শৰীৰত প্রতিৰোধী ব্যৱস্থালৈ কেনেধৰণৰ প্রত্যাহ্বান কঢ়িয়াই আনে তাৰ তথ্য লাভ কৰিছে অষ্ট্রেলিয়াৰ চিকিৎসা বিশেষজ্ঞই৷ শেহতীয়াকৈ ‘নেচাৰ মেডিচিন’ জার্নালত অষ্ট্রেলিয়াৰ বিজ্ঞানীৰ এই সবিশেষ প্রতিবেদন প্রকাশ পাইছে৷ অষ্ট্রেলিয়াৰ বিশেষজ্ঞ চিকিৎসকসকলৰ মতে নতুন এই ক’ৰোনা ভাইৰাছত আক্রান্ত লোকসকলে ফ্লুত আক্রান্ত ৰোগীৰ দৰেই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে৷

বিশেষজ্ঞসকলৰ মতে, মানৱ শৰীৰৰ প্রতিৰোধী কোষবোৰে ক’ৰোনা ভাইৰাছৰ প্রতিষেধক টিকা উদ্ভাৱনৰ ক্ষেত্রত সহায় কৰিব চিকিৎসা বিজ্ঞানক৷ স্মর্তব্য যে বিশ্বজুৰি মাৰাত্মক এই ভাইৰাছৰ সংক্রমণত এতিয়ালৈকে প্রায় ৭ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰি ১ লাখ ৬০ হাজাৰতকৈ অধিক আক্রান্ত হৈছে৷

লক্ষণীয়ভাৱে অষ্ট্রেলিয়াৰ চিকিৎসা বিজ্ঞানীয়ে মানৱ শৰীৰত ক’ৰোনাৰ প্রতিৰোধী কোষৰ মানচিত্রও অংকন কৰি উলিয়াইছে৷ বিশেষজ্ঞ চিকিৎসা বিজ্ঞানী কেথেৰিন কেডজির্ছকাই নেচাৰত প্রকাশ পোৱা প্রতিবেদনত উল্লেখ কৰা অনুসৰি এয়া এক গুৰুত্বপূর্ণ আৱিষ্কাৰ৷ কাৰণ ক’ৰোনা ভাইৰাছৰ সৈতে শৰীৰৰ প্রতিৰোধী ব্যৱস্থাৰ তথ্য প্রথম পোহৰলৈ আহিছে৷

You might also like