নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুৰ ওচৰত হাৰ মানিলে উন্নাও ধৰ্ষণৰ ভুক্তভোগীয়ে

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ মৃত্যুৰ ওচৰত হাৰ মানিলে আন এগৰাকী নিৰ্ভয়াই । দুদিন পূৰ্বে দিল্লীৰ চফৰজঙ্গ হাস্পতালত ভৰ্তি কৰোৱা পাচত শুকুৰবাৰে নিশা প্ৰায় ১১.৪০ মান বজাত মৃত্যুক আঁকোৱালি লয় উন্নাও ধৰ্ষণকাণ্ডৰ ভুক্তভোগীয়ে । উল্লেখ্য যে, প্ৰায় এটা বছৰ পূৰ্বে ধৰ্ষণৰ বলি হৈছিল এইগৰাকী ভুক্তভোগী । ভুক্তভোগী মহিলাগৰাকী বৃহস্পতিবাৰে স্থানীয় আদালতলৈ যোৱাৰ পথতেই অভিযুক্তই মহিলাগৰাকীক পেট্ৰ’ল ঢালি জ্বলাই দিয়ে। জামিনত মুক্তি পোৱা দুই অভিযুক্তই আন তিনিজনৰ সৈতে মিলিত হৈ গোচৰৰ বাবে আদালতলৈ গৈ থাকোঁতেই ধৰ্ষিতা মহিলাগৰাকীক মানুহ নথকা পথলৈ টানি লৈ যায় আৰু তাতেই জ্বলাই দিয়ে। ধৰ্ষিতাগৰাকীক জ্বলাই দিয়াৰ পাছতেই নৰপিশাচকেইটাই ৰাইজে নেদেখাকৈ আঁতৰি যায়। ইয়াৰ পিচতেই ৰাইজৰ সহযোগত মহিলাগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও নিশা শেষ নিশ্বাস ত্যাগ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ।

You might also like