নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেক্সিকোৰ উপসাগৰত ৯০০ ফুট গভীৰ ‘নীলা গহ্বৰ’ৰ সন্ধান

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: বিশ্বৰ দ্বিতীয় গভীৰতম ‘নীলা গহ্বৰ’ৰ সন্ধান পাইছে বিজ্ঞানীসকলে৷ মেক্সিকোৰ য়ুকাটান উপদ্বীপৰ সমুদ্র উপকূলৰ ওচৰত এই বিশাল গহ্বৰৰ সন্ধান পোৱা গৈছে৷ সমুদ্রৰ তলিত এই বিশাল গহ্বৰটোৰ আয়তন হৈছে ১ লাখ ৪৭ হাজাৰ বর্গফুট৷ ইয়াৰ গভীৰতা ৯০০ ফুট৷ লাইভছায়েন্সৰ প্রতিবেদন অনুসৰি গহ্বৰটোৰ সন্ধান পোৱা গৈছে চেটুমাল উপসাগৰৰ বক্ষত৷ স্মর্তব্য যে এই বিশাল ‘ছিংকহোল’ বা গহ্বৰৰ প্রথম সন্ধান পোৱা গৈছিল ২০২১ চনত৷ কিন্তু শেহতীয়াকৈ এই গহ্বৰটোক লৈ মেৰিন ছায়েন্সত সবিস্তাৰে তথ্য প্রকাশ কৰা হৈছে৷ সমুদ্রৰ বক্ষত এই বিশাল গহ্বৰটোৰ কেনেদৰে সৃষ্টি হ’ল, তাক লৈ আগবঢ়োৱা হৈছে বিশ্লেষণ৷ ডিস্ক’ভাৰী ডট কমৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি এই অঞ্চলটোত চূণশিলৰ পৰিমাণ বেছি৷ সমুদ্রৰ তলিতো আছে চূণশিল৷ পানীৰ সংস্পর্শলৈ অহাৰ ফলত এই চূণশিলবোৰ বিলুপ্ত হৈ লাহে লাহে বিশাল গহ্বৰৰ সৃষ্টি হৈছে৷ লক্ষণীয় বিষয়টো হৈছে এই গহ্বৰৰ পানীৰ ৰং গাঢ় নীলা৷

You might also like