নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰিঃ সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী শাখাৰ গোচৰ

  • বিশেষ ন্যায়াধীশৰ আদালতত গোচৰ দাখিল, সাংসদ ভূঞাসহ ১৪গৰাকীৰ নাম তালিকাত অন্তর্ভুক্ত

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: সাংসদ এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰিৰ গোচৰত অভিযুক্ত হ’ল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা৷ মুখ্যমন্ত্রীৰ তদাৰকী কোষে শেহতীয়াকৈ এক গোচৰ ৰুজু কৰি আজি বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিছে৷ চিএমভি২/২০২২ নং গোচৰত সাংসদ অজিত ভূঞাৰ লগতে অন্তর্ভুক্ত হৈছে ১৪গৰাকীকৈ অভিযুক্তৰ নাম৷ উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ হিচাপে স্থানীয় এলেকা উন্নয়ন পুঁজি ব্যয় কৰাৰ নামত ব্যাপক ধন আত্মসাতৰ ঘটনা সংঘটিত কৰিছিল সাংসদগৰাকীয়ে৷

উত্থাপিত অভিযোগ অনুসৰি বৰপেটা আৰু হাজো পথ নির্মাণৰ বাবে সাংসদগৰাকীৰ এলেকা উন্নয়ন পুঁজিৰ পৰা ধন আবণ্টন দিয়া হৈছিল যদিও ৭৫ শতাংশ কাম সম্পূর্ণ নোহোৱাকৈয়ে মুকলি কৰি দিয়া হৈছিল সমুদায় পুঁজি৷ এই সন্দর্ভত মুখ্যমন্ত্রীৰ তদাৰকী কোষে তদন্ত চলাই এই বিত্তীয় কেলংকাৰিৰ আঁৰত চাৰিজন এচিএছ বিষয়া জড়িত থকাটো স্পষ্ট কৰিছিল৷ সেইসকলৰ ভিতৰত আছিল গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব শর্মিষ্ঠা বৰা, কামৰূপ (ম) জিলা অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা, অতিৰিক্ত আয়ুক্ত হেমন্ত দত্ত আৰু তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া মুনীন্দ্র বৰদলৈ৷

অভিযোগ অনুসৰি, অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰাৰ অধ্যক্ষতাত সাংসদ এলেকা উন্নয়ন পুঁজিৰ সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে মোকলাই দিয়া হৈছিল ধনৰাশি৷ বৰপেটাত তিনিটা পথ নির্মাণৰ বাবে সাংসদ ভূঞাৰ এলেকা উন্নয়ন পুঁজিৰ পৰা ২৮ লাখ টকাৰ আবণ্টন হৈছিল যদিও এই পথ এটাও নির্মাণ নকৰাকৈ মোকলাই নিয়া হৈছিল ধনৰাশি৷ এই সন্দর্ভত মুখ্যমন্ত্রীৰ তদাৰকী কোষে তদন্ত কৰাৰ পাছত চাৰিজন এচিএছ বিষয়াক নিলম্বন কৰা হৈছিল৷ উক্ত গোচৰৰ তদন্ত চলাই আজি মুখ্যমন্ত্রীৰ তদাৰকী কোষে সাংসদ অজিত ভূঞাসহ ১৪জন অভিযুক্তৰ তালিকাসহ বিশেষ ন্যায়াধীশ আদালতত গোচৰ দাখিল কৰে৷

You might also like