নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মে’ৰ প্ৰথম সপ্তাহত ভাৰতত শিখৰলৈ উঠিব ক’ৰোনাৰ সংক্ৰমণ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ দেশত দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা । একেদৰে বাঢ়িছে মৃত লোকৰ সংখ্যা । এই উদ্বেগ আৰু অধিক বৃদ্ধি কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক শীৰ্ষস্থানীয় সূত্ৰই সদৰী কৰিছে যে দেশত অহা মে মাহৰ প্ৰথম সপ্তাহত ক’ৰোনা সংক্ৰমণৰ সংখ্যা সৰ্বোচ্চ শিখৰত উপনীত হ’ব । তথাপি লকডাউনৰ জৰিয়তে সংক্ৰমণ যথেষ্ট নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হোৱা বুলিও দাবী কৰিছে সূত্ৰটোৱে । উল্লেখ্য যে জানুৱাৰী মাহত ভাৰতত প্রথম ক’ৰোনাৰ সংক্রমণ ধৰা পৰিছিল৷ মার্চ মাহত এই সংক্রমণ অধিক বৃদ্ধি পায় ৷ তাৰ পাছত ২৫ মার্চত প্রথম পর্যায়ত ১৪ এপ্রিললৈ আৰু দ্বিতীয় পর্যায়ত ১৫ এপ্রিলৰ পৰা ৩ মে’পর্যন্ত লকডাউন বলৱৎ কৰা হৈছে৷ দুদিন পূর্বে ক’ৰোনাৰ হটস্পটসমূহ চিনাক্ত আৰু ছীল কৰি বীজাণুমুক্ত কৰাৰ কাম আৰম্ভ হৈছে ৷ এই সমগ্র বিষয়টোত কেন্দ্রই এক আভ্যন্তৰীণ মূল্যায়নো আৰম্ভ কৰিছে ৷ সেই মূল্যায়নৰ সৈতে জড়িত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এজন উচ্চপদস্থ বিষয়াই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, পৰৱর্তী এটা সপ্তাহ অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হ’ব৷ দেশত ক’ৰোনাৰ পৰীক্ষা ব্যাপকভাৱে বৃদ্ধি কৰা হৈছে ৷

যিসকলৰ জ্বৰ, চর্দি, কাহ বা উশাহ লোৱাত সমস্যা সৃষ্টি হৈছে, তেনে লোকক পৰীক্ষা কৰোৱা হ’ব৷ ঘৰত বা চিকিৎসালয়ত কোৱাৰেণ্টাইনত থকা প্রায় সকলোৰে পৰীক্ষা কৰা হ’ব৷ প্রত্যেকটো ক’ভিড–১৯ পৰীক্ষা চিকিৎসালয়ত সম্পন্ন কৰা হ’ব৷ স্বাভাৱিকভাৱে পৰীক্ষাৰ সংখ্যা বাঢ়িলে আক্রান্তৰ সংখ্যাও বাঢ়িব৷ সেই বাবে অনাগত এটা সপ্তাহ অত্যন্ত গুৰুত্বপূর্ণ বুলি মন্তব্য কৰিছে বিষয়াজনে৷ যিকেইখন ৰাজ্যই প্রথমতেই লকডাউন ঘোষণা কৰিছিল, সেই ৰাজ্যকেইখনত ক’ৰোনাৰ সংক্রমণ যথেষ্ট নিয়ন্ত্রণত আছে বুলি উক্ত মূল্যায়নত সন্নিৱিষ্ট কৰা হৈছে৷ বিষয়াজনে উদাহৰণস্বৰূপে ৰাজস্থান, পঞ্জাব আৰু বিহাৰৰ কথা উল্লেখ কৰে৷ এই ৰাজ্যসমূহত ক’ৰোনা আক্রান্ত লোকসকল চিকিৎসাৰ পাছত সুস্থ হৈ উঠিছে আৰু আক্রান্তৰ সংখ্যা কমি ধীৰে ধীৰে নিয়ন্ত্রণলৈ আহিছে পৰিস্থিতি৷ আনহাতে, পলমকৈ লকডাউন ঘোষণা কৰাৰ বাবে ফল ভুগিব লগা হৈছে মহাৰাষ্ট্রই ৷ ৰাজ্যখনত আক্রান্ত আৰু মৃত লোকৰ সংখ্যা দেশৰ ভিতৰতেই সর্বাধিক৷

শেহতীয়া তথ্য মতে, ৰাজ্যখনত ৩,২০২জন লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ গৈছে ১৯৪জনৰ ৷ কোৱাৰেণ্টাইন বা হোম আইছ’লেচনত আছে প্রায় ৭৫ হাজাৰ লোক৷ উত্তৰ প্রদেশতো প্রথম অৱস্থাত আংশিক লকডাউন ঘোষণা কৰা হৈছিল৷ ৰাজ্যখনত আক্রান্ত হৈছে ৮৪৯জন আৰু প্রাণ গৈছে ১৪জনৰ৷ ৩৭ হাজাৰ লোকক ৰখা হৈছে আইছ’লেচনত৷ কিন্তু কেন্দ্রৰ উদ্বেগৰ কাৰণ বাঢ়িছে অন্য এটা কাৰণতহে৷ কেন্দ্রীয় চৰকাৰৰ বিষয়াজনৰ মতে হটস্পট বা ক্লাষ্টাৰসমূহত সংস্পর্শহীন সংক্রমণ উদ্বেগজনকভাৱে বাঢ়িছে৷ তেওঁ কয় যে ক্লাষ্টাৰসমূহ নিয়ন্ত্রণলৈ আনিব পৰা যাব৷ কিন্তু সংস্পর্শৰ তথ্য নোহোৱা সংক্রমণ নিয়ন্ত্রণলৈ অনা অত্যন্ত কঠিন৷ সেই বাবে মে’ মাহৰ প্রথম সপ্তাহত ক’ৰোনা ভাইৰাছ সংক্রমণ সর্বোচ্চ শিখৰত উপনীত হ’ব যদিও তাৰ পৰা লাহে লাহে পৰিস্থিতি নিয়ন্ত্রণলৈ আহিব বুলিও মন্তব্য কৰে গৃহ মন্ত্রালয়ৰ বিষয়াজনে৷

You might also like