নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ ‘মন কী বাত’ত মেঘালয়ৰ মাছৰ প্রসংগ; জৈৱ–বৈচিত্র্য সংৰক্ষণৰ আহ্বান প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ৰেডি’ অনুষ্ঠান ‘মন কী বাত’ত দেশবাসীক সম্বোধন কৰি বিভিন্ন বিষয়ৰ অৱতাৰণা কৰে৷ ভাৰতৰ জৈৱ–বৈচিত্র্য সংৰক্ষণ কৰাৰ আহ্বানেৰে প্রধানমন্ত্রী মোদীয়ে টানি আনে মেঘালয়ৰ প্রসংগ৷

তেওঁ কয়– ‘অলপতে জীৱ বিজ্ঞানীসকলে মাছৰ এক নতুন প্রজাতি আৱিষ্কাৰ কৰিছে৷ যি কেৱল মেঘালয়ৰ গুহাতহে পোৱা যায়৷ কোৱা হৈছে যে এই মাছবিধ গুহাৰ ভিতৰত থকা জলপ্রাণীসমূহৰ ভিতৰত সবাতোকৈ বৃহৎ৷ এই মাছবিধ গভীৰ অন্ধকাৰৰ মাটিৰ তলত থকা গুহাতহে থাকে৷ য’ত পোহৰে ঢুকিয়েই নাপায়৷ বিজ্ঞানীসকল আচৰিত হৈছে যে ইমান ডাঙৰ মাছবিধ গুহাৰ ভিতৰত কেনেকৈ জীয়াই থাকে৷ এয়া এক সুখৰ কথা যে আমাৰ ভাৰত বিশেষকৈ মেঘালয় এক দুর্লভ প্রজাতিৰ আৱাসস্থল হিচাপে পৰিচিত হৈছে৷ ই ভাৰতৰ জৈৱ–বৈচিত্র্যক নতুন ৰূপ দিব৷’ প্রধানমন্ত্রী মোদীয়ে কয় যে জৈৱ–বৈচিত্র্য মানৱতাৰ এক আচৰিত ভাণ্ডাৰ, যাক আমি সন্ধান কৰি সংৰক্ষণ আৰু প্রচাৰ কৰিব লাগিব৷ প্রধানমন্ত্রী মোদীয়ে ‘মন কী বাত’ত হুনাৰ হাটৰ এগৰাকী দিব্যাংগ মহিলাৰ স’তে মত বিনিময়ৰ অভিজ্ঞতা বর্ণনা কৰে৷ তেওঁ ভাষণত কয় যে হুনাৰ হাটৰ জৰিয়তে তিনি লাখ কাৰিকৰ, শিল্পীৰ কর্মসংস্থাপনৰ অনেক অৱকাশ সৃষ্টি হৈছে৷ তেওঁ এই হুনাৰ হাটলৈ যাবলৈ ৰাইজক উৎসাহিত কৰে৷

You might also like