নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিমান ইচ্ছা প্রতিবাদ কৰা : ‘কা’ প্রত্যাহাৰ নকৰে কেন্দ্রই

বিৰোধীৰ প্রতিবাদ–বিক্ষোভক প্রত্যাহ্বান জনাই লক্ষ্ণৌত অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি অব্যাহত থকা প্রতিবাদক প্রত্যাহ্বান জনাই আইনখন প্রত্যাহাৰ নকৰাৰ স্থিতিত অটল কেন্দ্রীয় চৰকাৰ ৷ ইতিপূর্বে বিৰোধী দলসমূহক কটাক্ষ কৰি নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতেই প্রত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিয়া কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মঙলবাৰে পুনৰ ‘কা’ক লৈ কেন্দ্রীয় চৰকাৰৰ দৃঢ় স্থিতি স্পষ্ট কৰি দিলে ৷ উত্তৰ প্রদেশৰ লক্ষ্ণৌত ‘কা’ৰ সমর্থনত বিশাল সমাৱেশ সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে বিৰোধীক প্রত্যাহ্বান জনাই কয় – ‘যিমান পাৰা সিমান প্রতিবাদ কৰা, ‘কা’ কোনো কাৰণতেই প্রত্যাহাৰ নকৰে কেন্দ্রই ৷’ কেন্দ্রীয় চৰকাৰৰ নতুন নাগৰিকত্ব সংশোধনী আইন সন্দর্ভত দেশবাসীক বিপথে পৰিচালিত কৰি কংগ্রেছসহ বিৰোধী দলসমূহে প্রতিবাদৰ নামত হিংসাত্মক কার্যকলাপ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে ‘কা’ৰ জৰিয়তে কোনো ভাৰতীয় লোকৰ নাগৰিকত্ব কাঢ়ি লোৱা নহয় ৷ এই আইনখনৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্র আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশত ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতত শৰণার্থী হিচাপে থকা হিন্দু, শিখ, জৈন, পার্চি, বৌদ্ধ আৰু খ্রীষ্টিয়ান সংখ্যালঘুক নাগৰিকত্ব প্রদান কৰা হ’ব ৷

চৰকাৰৰ এই নতুন আইনখনক লৈ কংগ্রেছে অপপ্রচাৰ চলাই দেশত অশান্তিৰ বাতাৱৰণ বিয়পাইছে বুলি অভিযোগ তুলি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে আইনখনক লৈ ৰাজহুৱা বিতর্কৰ বাবে কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীক মুকলি প্রত্যাহ্বান জনায় ৷ তদুপৰি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, সমাজবাদী পার্টীৰ মুৰব্বী তথা উত্তৰ প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱকো ‘কা’ক লৈ মুকলি বিতর্কৰ বাবে প্রত্যাহ্বান জনায় কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৷ ইপিনে, বিজেপিয়ে ‘কা’ক লৈ জনজাগৰণ অভিযান আৰম্ভ কৰা সন্দর্ভত ‘কা’বিৰোধী দলসমূহে মিথ্যাচাৰৰ আশ্রয় লোৱা বুলি অভিযোগ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে বিজেপিৰ গণজাগৰণ অভিযান হৈছে দেশক বিভক্ত কৰিব বিচৰা দলসমূহৰ বিৰুদ্ধে সজাগতা অভিযান ৷ উল্লেখ্য যে, লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ সময়তে বিৰোধী দলক এই বিধেয়ক সন্দর্ভত ৰাজহুৱাভাৱে বিতর্ক কৰিবলৈ আহ্বান জনাইছিল কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৷ আইনখনৰ জৰিয়তে কোনো ভাৰতীয়ৰ নাগৰিকত্ব কাঢ়ি লোৱা নহয় বুলি উল্লেখ কৰি কংগ্রেছসহ বিৰোধী দলক আইনখনৰ ক’ত নাগৰিকত্ব কাঢ়ি লোৱাৰ ব্যৱস্থা আছে, তাক দেখুৱাই দিবলৈও প্রত্যাহ্বান জনায় কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ আনপিনে, অন্ধ আৰু বোবা নেতাসকলে চুবুৰীয়া ৰাষ্ট্রকেইখনৰ ধর্মীয় সংখ্যালঘুৰ ওপৰত নির্যাতন দেখা নাপাই বুলি কটাক্ষ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৷ মন কৰিবলগীয়া যে দলৰ সভাপতি পদৰ কার্যকাল সামৰণি পৰাৰ এদিন পিছত মঙলবাৰে প্রথমখন ‘কা’ৰ সমর্থনত বিশাল সমাৱেশত অংশ লয় কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৷

You might also like