নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনঃ গোপনে দুখন ট্ৰাকত ৰাজস্থানলৈ ৩০০ শ্ৰমিক

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি ২১ দিন পৰ্যন্ত ঘোষণা কৰা হৈছিল লকডাউন । আগন্তুক ১৪ এপ্ৰিল পৰ্যন্ত চলিব লগা এই লকডাউনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে বহুজন । এনে এক সময়তে প্ৰায় ৩০০ জনকৈ শ্ৰমিকে লোৱা এক আত্মঘাতী সিদ্ধান্তই এতিয়া চকু কপালত তুলিছে আৰক্ষী প্ৰশাসনৰ । তেলেংগানাৰ পৰা ৰাজস্থানলৈ প্ৰয়োজনীয় সামগ্ৰী আনিবৰ বাবে যোৱা দুখন ট্ৰাকৰ ভিতৰত ৰাজস্থানৰ তিনিশতকৈ অধিক শ্ৰমিকে গোপনে নিজৰ ঘৰলৈ যোৱাৰ চেষ্টা চলাইছিল । কিন্তু কণ্টেইনাৰ ট্ৰাকৰ ভিতৰত এইসকল লোকক দেখি হতবাক হৈ পৰিছিল আৰক্ষী ।

উল্লেখ্য যে, এজন বিষয়াই জনোৱা অনুসৰি পান্ধাৰকভদা টোলগেটত কিছু অস্বাভাৱিক দেখা গৈছিল ট্ৰাক ড্ৰাইভাৰক । ট্ৰাক সমূহে কি কঢ়িয়াই গৈ আছে সেই সম্বন্ধেও উত্তৰ দিব পৰা নাছিল ড্ৰাইভাৰে । ফলত আৰক্ষীয়ে কণ্টেইনাৰ খুলি দেখিছিল এক হতচকিত দৃশ্য । ভিতৰত থকা ৩০০ তকৈ অধিক লোকৰ সকলোৱেই আছিল শ্ৰমিক । ৰাজস্থানৰ এইসকল শ্ৰমিকে কোৱা অনুসৰি তেওঁলোকে নিজ ৰাজ্যলৈ উভতি যাব খুজিছিল আৰু কোনো পৰিবহণ নথকাত এইদৰেই যাত্ৰা কৰিছিল ৰাজস্থানলৈ ।

ইতিমধ্যে এইসকল লোকক ট্ৰাকৰ পৰা নমাই দিয়াৰ পিচতেই সকলোৱে খোজকাঢ়ি আৰম্ভ কৰিছে যাত্ৰা । খবৰ অনুসৰি বহুতো লোকে ১০০ কিলোমিটাৰৰো অধিক বাট অতিক্ৰম কৰি লক্ষ্যস্থান ৰাজস্থানলৈ গমন কৰিছে ।

You might also like