নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনঃ প্ৰধানমন্ত্ৰীয়ে ঘোষণা নকৰাৰ পূৰ্বেই কেজৰিৱালে জনালে ডাঙৰ খবৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ঘোষণা কৰিছিল ২১ দিনীয়া লকডাউন । এই লকডাউনৰ সময়সীমা ১৪ এপ্ৰিল মঙলবাৰে সমাপ্ত হোৱাৰ কথা আছিল । কিন্তু এনে সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এটা টুইটে এতিয়া সৰ্বত্ৰে তুলপাৰ লগাইছে । কিয়নো কেজৰিৱালৰ এই টুইটে লকডাউনৰ সময়সীমা বৃদ্ধিৰ এক ইংগিত দিছে ।

উল্লেখ্য যে লকডাউন বৃদ্ধি সন্দৰ্ভত আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰে বৈঠকত মিলিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই পৰ্যন্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে একো ঘোষণা নকৰিলেও কেজৰিৱালৰ টুইটে লকডাউন বৃদ্ধিৰ ইংগিত বহন কৰিছে ।

এই টুইটোত কেজৰিৱালে লিখিছে- “লকডাউন সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে সঠিক সিদ্ধান্ত লৈছে । আমি সময় থাকোতেই দেশত লকডাউন মানি লোৱাৰ বাবে আজি বাকী দেশৰ তুলনাত ভাৰতৰ অৱস্থা খুবেই ভাল । যদি এই লকডাউন এতিয়াই ভাঙি দিয়া হয়, তেন্তে সকলো কষ্ট অথলে যাব । সেইবাবে লকডাউন বৃদ্ধি কৰাটো খুবেই জৰুৰী ।”

You might also like