নিয়মীয়া বাৰ্তা, ২১ মেঃ ক’ভিড–১৯ৰ জটিল পৰিস্থিতিৰ মাজেৰে গতি কৰা ৰাজ্যৰ বিত্তীয় সংকটৰ দিশটো এতিয়া সবাতোকৈ চর্চাৰ বিষয়৷ লকডাউনৰ ফলত যোৱা প্রায় দুমাহ ধৰি উদ্যোগ খণ্ড সম্পূর্ণৰূপে স্থবিৰ হৈ থকাৰ ফলত আর্থিক অনাটনৰ লগতে নিবনুৱা সমস্যাই ভয়াৱহ দিশলৈ গতি কৰিছে৷ অৱশ্যে এনে কঠিন পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ মূৰ দাঙি উঠিছে সৰু–বৰ ৮২০টা উদ্যোগে৷ লকডাউনৰ নির্দেশনাৱলীৰ মাজতে আৰম্ভ কৰা কাম–কাজে ইয়াৰ কর্মচাৰীসকলৰ লগতে অসম চৰকাৰলৈ আনিছে আশাৰ সঞ্চাৰ৷ দ্বিতীয় পর্যায়ৰ লকডাউনৰ পিছত কেন্দ্রীয় চৰকাৰে গ্রীন জ’নত থকা উদ্যোগ তথা কল–কাৰখানালৈ দিয়া শিথিলতাৰ পিছত কাম আৰম্ভ কৰা এইসমূহ উদ্যোগত কামত যোগ দিছে ২৮,০২৭জন কর্মচাৰীয়ে৷
ৰাজ্যৰ উদ্যোগ বিভাগত শীর্ষ সূত্রই প্রকাশ কৰা মতে যোৱা ৫ মে’ত ৰাজ্য চৰকাৰে দিয়া সংশোধিত নির্দেশাৱলী অনুসৰি এই উদ্যোগসমূহে কাম–কাজ আৰম্ভ কৰিছে৷ যাৰ বাবে যোৱা ১৫টা দিনত ৮২০টা সৰু–বৰ উদ্যোগৰ লগতে ৰাজ্যৰ ৭৮৩খন বৃহৎ বাগিচাৰো উৎপাদন আৰম্ভ হৈছে৷ সেয়াই নহয় উজনি আৰু বৰাক উপত্যকাৰ ১১৮খন ক্ষুদ্র চাহ বাগিচাৰো কাম আৰম্ভ হৈছে৷ মন কৰিবলগীয়া যে লকডাউনৰ ফলত ৰাজ্যৰ চাহ উদ্যোগে ১,২১৮ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷ আনহাতে উদ্যোগ খণ্ডত লোকচানৰ পৰিমাণ এতিয়াও হিচাপ কৰি উলিওৱা হোৱা নাই যদিও এই পৰিমাণ চাহ উদ্যোগৰ লোকচানৰ তুলনাত কেইবাগুণো হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, উদ্যোগ বিভাগৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, বর্তমান যিবোৰ উদ্যোগ বা কাৰখানাৰ কাম আৰম্ভ হৈছে, তেনে উদ্যোগসমূহৰ পৰা চৰকাৰে বিশেষ ৰাজহ আদায় কৰিব নোৱাৰে৷ একমাত্র ইয়াৰ লগত জড়িত কর্মচাৰীসকল যাতে কর্মহীন হৈ নাযায়, তাৰ বাবে উদ্যোগসমূহৰ কাম আৰম্ভ কৰাত গুৰুত্ব দিয়া হৈছে৷ এতিয়াও বৃহৎ খণ্ডৰ বহুকেইটা উদ্যোগৰ কাম সম্পূর্ণৰূপে আৰম্ভ হোৱা নাই৷ ৫০ শতাংশ কর্মচাৰীৰে উদ্যোগসমূহে কাম আৰম্ভ কৰাত উৎপাদন বহু হ্রাস পাইছে, যাৰ বাবে লাভৰ পৰিমাণ কমিছে উদ্যোগসমূহৰ৷ ইয়াৰ বিপৰীতে কিন্তু চাহ উদ্যোগৰ ক্ষেত্রত অসম চৰকাৰে দিয়া শিথিলতাই যথেষ্ট সকাহ দিছে চাহ বাগিচাসমূহত৷ সূত্রটোৰ মতে চাহ বাগানৰ উৎপাদন আৰম্ভ হোৱাৰ পিছত স্থানীয় জিলা প্রশাসনে ৫০৮টা চাহৰ কলঘৰ আৰু ২৯৬টা কিনা পাত (বটলিফ)ৰ কলঘৰ চলাবলৈ অনুমতি দিছে৷
মন কৰিবলগীয়া যে ৰাজ্যৰ বৃহৎ চাহ বাগানসমূহত ৭.৩৩ লাখ শ্রমিক আৰু কর্মচাৰী আৰু ক্ষুদ্র চাহ বাগিচাসমূহত ৩ লাখ কর্মী নিয়োজিত হৈ আছে৷ পৰিতাপৰ বিষয়টো হ’ল যে ভয়াৱহ লোকচানৰ সন্মুখীন হোৱা উদ্যোগ খণ্ডই মূৰ দাঙিবলৈ চেষ্টা কৰিছে যদিও লকডাউনে নমাই অনা লোকচান কিদৰে জোৰা মাৰিব, তাক লৈ বিবুধিত পৰিছে সৰু সৰু কাৰখানা তথা উদ্যোগৰ মালিকসকল৷ চাহ উদ্যোগ খণ্ডত দেখা দিয়া এহাজাৰ কোটি টকাৰ লোকচানে বহু ক্ষুদ্র চাহ খেতিয়কলৈ নমাই আনিছে অনিশ্চয়তা৷ নর্থ ইষ্টার্ন টী এছ’চিয়েচন (এন ই টি এ)ৰ মতে মার্চ মাহৰ পৰা মে’ৰ প্রথম ভাগলৈ ৮০ মিলিয়ন কিলোগ্রাম চাহপাত নষ্ট হৈছে৷ এপ্রিল মাহত ৩০ মিলিয়ন কিলোগ্রাম পাত নষ্ট হৈছে৷ যাৰ বাবে ৰাজ্য চাহ উদ্যোগ খণ্ডই এই তিনি মাহত লোকচানৰ সন্মুখীন হৈছে ১,২১৮ কোটি টকা৷
অৱশ্যে এনে লোকচানৰ পিছতো মূৰ দাঙি উঠা উদ্যোগসমূহে শ্রমিকসকললৈ আশা কঢ়িয়াই আনিছে৷ উদ্যোগ খণ্ডই চৰকাৰৰ ৰাজহ ঘাটি পূৰাবলৈ বিশেষ বৰঙণি আগবঢ়াব পৰা নাই যদিও এইক্ষেত্রত কিছু সুখবৰ আনিছে চৰকাৰৰ আবকাৰী বিভাগে৷ অভাৱনীয় ৰাজহ ঘাটিৰ সন্মুখীন হোৱা অসম চৰকাৰক যোৱা ১৫টা দিনত ১৮৬ কোটি টকাৰ ৰাজহ আদায় দিছে আবকাৰী বিভাগে৷ বিভাগটোৰ তথ্য অনুসৰি দ্বিতীয় পর্যায়ৰ লকডাউনৰ মাজত দুটা দিন আৰু শেহতীয়াকৈ নতুন কৰ ধার্য হোৱাৰ পিছত এই পৰিমাণৰ ৰাজহ আদায় কৰিবলৈ সক্ষম হৈছে৷