নিয়মীয়া বাৰ্তা, ৫ জুনঃ লকডাউনৰ সময়ছোৱাত দেশত বন্যপ্রাণীৰ হত্যা দুগুণ বৃদ্ধি পোৱা উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ লকডাউনৰ প্রাকমুহূর্তত ফেব্রুৱাৰীলৈকে ৩৫ টা বন্যপ্রাণী চোৰাং চিকাৰীৰ হাতত নিধন হোৱাৰ পূর্বে লকডাউনৰ সময়ছোৱাত ৮৮ টা প্রাণী হত্যা কৰা হৈছে৷
ট্রেফিক নামৰ বন্যপ্রাণী বেহা নিৰীক্ষণ নেটৱর্ক আৰু বন্যপ্রাণীৰ চোৰাং বেহা প্রতিৰোধৰ বাবে বিশ্বব্যাপী কাম কৰি থকা এন জি অ’টোৱে চলোৱা অধ্যয়নত ভাৰতত লকডাউনত বন্যপ্রাণীৰ হত্যা দুগুণ বৃদ্ধি পোৱা বুলি তথ্য পোহৰলৈ আহিছে৷
অধ্যয়নৰ তথ্য মতে, ১০ ফেব্রুৱাৰীৰ পৰা ২২ ফেব্রুৱাৰীলৈকে এই ৩৫টা বন্যপ্রাণী মাংস আৰু ব্যৱসায়ৰ বাবে হত্যা কৰা হৈছে৷ ২৩ মার্চৰ পৰা ৩ মে’লৈকে দেশত ৮৮টা বন্যপ্রাণী একেই কাৰণত হত্যা কৰা হৈছে৷ এই অধ্যয়নত বাঘ, নাহৰফুটুকীকে ধৰি ডাঙৰ বন্যপ্রাণী সাঙুৰি লোৱা হৈছে৷ এন জি অ’টোৱে সম্ভাৱনা ব্যক্ত কৰা মতে, সৰু সৰু প্রাণী বৃহৎ পৰিমাণত চোৰাং চিকাৰীয়ে হত্যা কৰিছে৷
উল্লেখ্য যে আন্তর্জাতিক বজাৰত সৰু প্রাণী পর্কুপাইন, পেংগুইন, সৰুজাতৰ মেকুৰী, বান্দৰকে ধৰি সৰু প্রাণীৰ চাহিদা বৃদ্ধি পোৱাৰ বাবেই বন্যপ্রাণীৰ চোৰাং হত্যা বৃদ্ধি পাইছে৷ অৱশ্যে লকডাউনৰ সময়তে বন্যপ্রাণীৰ চোৰাং বেহাৰ বাবে ২২২জন লোকক গ্রেপ্তাৰো কৰা হৈছে৷