নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ আজি পুনৰ দেশত ৩ মে’ লৈ লকডাউন বৃদ্ধিৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই ঘোষণাৰ কিছু সময় পাছতেই নিজৰ টুইটাৰ একাউণ্টত মাস্ক পৰিহিত ‘প্ৰফাইল ফটো’ আপল’ড কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ২১ দিনীয়া লকডাউন ঘোষণা কৰিছিল যদিও সাম্প্ৰতিক দেশৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি পুনৰ দেশবাসীক সম্বোধন কৰি অহা ৩ ম’ পৰ্যন্ত এই লকডাউনৰ সীমা বৃদ্ধি কৰা হয় । লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সকলো ৰাইজক ঘৰতে প্ৰস্তুত কৰা মাস্ক পিন্ধিবলৈও আহ্বান জনায় ।