নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্ণৌত প্রিয়ংকা গান্ধীক বাধা আৰক্ষীৰ

প্রিয়ংকা গান্ধীক বাধা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ  নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদৰ নামত হিংসাত্মক কার্যত জড়িত হোৱাৰ অভিযোগত গ্রেপ্তাৰ হোৱা প্রাক্তন আইপিএছ তথা সমাজকর্মী এছ আৰ ডাৰাপুৰীৰ আত্মীয়ক সাক্ষাতৰ বাবে আজি লক্ষ্ণৌত উপস্থিত হয় কংগ্রেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী৷ আৰক্ষীৰ সকলো বাধা নেওচি তেওঁ প্রায় ২.৫ কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি ডাৰাপুৰীৰ ঘৰলৈ গৈ তেওঁৰ আত্মীয়ক সাক্ষাতৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে কংগ্রেছ নেত্রীগৰাকীক বাধা দিয়ে৷ উত্তৰ প্রদেশ আৰক্ষীয়ে তেওঁক দুটা স্থানত বাধা দিয়ে আৰু ইয়াক কেন্দ্র কৰি কংগ্রেছ কর্মী–আৰক্ষীৰ মাজত সংঘর্ষৰ সূত্রপাত ঘটে৷ উত্তৰ প্রদেশত জ্যেষ্ঠ কংগ্রেছী নেতাৰ সৈতে যাত্রা কৰা প্রিয়ংকাই অৱশ্যে আৰক্ষীৰ বাধা আৰু নির্দেশনা অতিক্রম কৰি সন্ধিয়া প্রায় ৬ বজাত ডাৰাপুৰীত পৰিয়ালৰ লোকক সাক্ষাৎ কৰিবলৈ সক্ষম হয়৷ প্রায় ১৫ মিনিট তেওঁ প্রতিবাদকাৰী ডাৰাপুৰীৰ পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰে৷ ইয়াৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ উজাৰি প্রিয়ংকাই কয় যে উত্তৰ প্রদেশ আৰক্ষীয়ে তেওঁক এইদৰে বাধা প্রদান কৰি অহংকাৰী মনোভাবৰ পৰিচয় দিছে৷