নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখ সীমান্তত বাৰে বাৰে ব্যর্থ সেনা বিষয়া পর্যায়ৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২৬ মেঃ লাডাখ সীমান্তত ভাৰতীয় আৰু চীনা সেনাৰ মাজত অব্যাহত আছে উত্তেজনা৷ পূব লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ত বাৰে বাৰে হতাহতিত লিপ্ত হৈছে দুই প্রতিৱেশী দেশৰ টহলদাৰী জোৱান৷ লক্ষণীয়ভাৱে স্থানীয়ভাৱে এই উত্তেজনা প্রশমিত কৰাৰ বাবে দুই দেশৰ সেনা বিষয়াসকলৰ মাজত আলোচনা চলিছে যদিও এতিয়ালৈকে এই আলোচনাবোৰ ফলপ্রসূ হোৱা নাই৷ আলোচনা ব্যর্থ হোৱাৰ লগে লগে ভাৰতীয় স্থলসেনা দীর্ঘদিনীয়া বিবাদৰ বাবে সাজু হ’বলগীয়া হৈছে এলএচিত৷ ভাৰত–চীন উভয় দেশে উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত সীমান্তত সহস্রাধিক সৈনিক মোতায়েন কৰিছে৷ ইতিমধ্যে উপগ্রহ ছবিত এলএচিৰ সমীপতে চীনে শতাধিক টেণ্ট স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে৷ লগতে বাংকাৰ নির্মাণৰ বাবে গধুৰ যন্ত্রপাতিও প্রত্যক্ষ কৰা হৈছে উপগ্রহ ছবিত৷ ইফালে চীনৰ এই তৎপৰতাৰ লগে লগে ভাৰতে সীমান্তত বৃদ্ধি কৰিছে পহৰা ব্যৱস্থা৷ বিশ্বস্ত সূত্রই প্রকাশ কৰা অনুসৰি বিভিন্ন সময়ত ভাৰতীয় ভূখণ্ডত চীনা সেনাই প্রৱেশ কৰাৰ প্রচেষ্টা চলাইছে যদিও ভাৰতীয় জোৱানসকলে এইক্ষেত্রত প্রতিৰোধ লগাবলৈ সক্ষম হৈছে৷ চীনৰ এই তৎপৰতাক ভাৰতে গালৱান ভেলী আৰু পানগং লেকত প্রত্যাহ্বান জনোৱাৰ লগে লগে লাডাখ সীমান্তত উত্তেজনা বৃদ্ধি পাইছে৷ স্মর্তব্য যে বিভিন্ন সময়ত অৰুণাচল প্রদেশ, ছিকিম আৰু লাডাখত চীনা সেনাৰ সৈতে ভাৰতীয় জোৱানৰ উত্তেজনা চলি আহিছে৷ শেহতীয়া উত্তেজনা সন্দর্ভত অৱশ্যে দুয়োখন দেশৰ বিদেশ মন্ত্রালয়ে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like