নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহীনবাগে প্ৰধানমন্ত্ৰীক মোডীক বিচাৰে

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনৰ পূর্বে নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদে অস্থিৰ কৰি ৰাখিছে দেশৰ ৰাষ্ট্রীয় ৰাজধানী মহানগৰখনৰ ৰাজনীতিক৷ কালি জামিয়াত শিক্ষার্থীসকলৰ প্রতিবাদ চলি থকা সময়তে এক দুর্বৃত্তই আহি ছাত্রৰ ওপৰত দিনৰ পোহৰতে গুলীচালনা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ সময়তে কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপি নেতা অমিত শ্বাহে প্রশ্নৰ অৱতাৰণা কৰি কৈছে যে দিল্লীবাসীয়ে নৰেন্দ্র মোদীক বিচাৰে নে শ্বাহীনবাগ বিচাৰে সেয়া ঠিক কৰাৰ সময় আহিছে৷ ৮ ফেব্রুৱাৰীত দিল্লীবাসীয়ে বিজেপিক ভোট দিলে এই ধৰণৰ গুলীচালনা বা শ্বাহীনবাগৰ অস্থিৰতাৰ অৱসান ঘটিব বুলি উল্লেখ কৰি ইয়াৰ সুযোগ ভোটাৰসকলে গ্রহণ কৰা প্রয়োজন বুলিও মন্তব্য আগবঢ়াইছে৷ প্রত্যক্ষভাৱে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টীলৈ আঙুলি টোঁৱাই শ্বাহে উল্লেখ কৰিছে যে পুনৰ কেজৰিৱাল ক্ষমতালৈ আহিলে শ্বাহীনবাগৰ দৰে পৰিস্থিতি দিল্লীত বর্তি থাকিব৷ কিন্তু বিজেপি ক্ষমতালৈ আহিলে অশান্ত পৰিস্থিতিৰ অৱসান ঘটিব বুলিও নেতাগৰাকীয়ে মন্তব্য কৰে৷

You might also like