নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহীনবাগ এতিয়া আত্মঘাতী বোমাৰু প্রস্তুতৰ কেন্দ্রস্থলঃগিৰিৰাজ সিং

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ প্রচাৰৰ অন্তিম দিনাখন বিজেপি আৰু আপ নেতাসকলৰ মন্তব্যক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিহাৰৰ জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী গিৰিৰাজ সিঙে দিল্লীৰ শ্বাহিনবাগত চলি থকা নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদক লৈ কটাক্ষ কৰি কৈছে যে দেশৰ বিৰুদ্ধে ষড়যন্ত্রৰ স্থলী হিচাপে ব্যৱহাৰ হৈছে এই প্রতিবাদস্থলী৷ ছ’চিয়েল মিডিয়া টুইটাৰ যোগে সিঙে উল্লেখ কৰে যে শ্বাহিনবাগৰ ‘কা’বিৰোধী প্রতিবাদে ৫০ দিন অতিক্রম কৰিছে৷ এতিয়া শ্বাহিনবাগ হৈ পৰিছে আত্মঘাতী বোমাৰু বাহিনী প্রস্তুতৰ কেন্দ্রস্থল বুলিও কটাক্ষ কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে৷ স্মর্তব্য যে কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদে শ্বাহিনবাগৰ ‘কা’বিৰোধী প্রতিবাদকাৰীয়ে সঠিক পথেৰে আগবাঢ়ি আহিলে চৰকাৰ আলোচনাৰ বাবে সাজু আছে বুলি মন্তব্য কৰাৰ এদিন পিছতে গিৰিৰাজ সিঙে কৰা আক্রমণাত্মক মন্তব্যই সৃষ্টি কৰিছে বিভিন্ন মহলত প্রতিক্রিয়া৷

You might also like