নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকালৈ ভাৰতে আগবঢ়াব ৪৫০ নিযুত ডলাৰ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ প্রতিৱেশী দ্বীপৰাষ্ট্র শ্রীলংকালৈ উন্নয়ন আঁচনি তথা সন্ত্রাসবিৰোধী সাহায্য হিচাপে ভাৰতে আগবঢ়াব ৪৫০ নিযুত ডলাৰ ৷ শুকুৰবাৰে দেশখনৰ নৱনির্বাচিত ৰাষ্ট্রপতি গোটাবায়া ৰাজাপাকছেৰ সৈতে নতুন দিল্লীত আলোচনাৰ সৈতে মিলিত হোৱাৰ সময়তে প্রধানমন্ত্রী মোদীয়ে এই কথা ঘোষণা কৰিছে ৷ প্রতিৱেশী ৰাষ্ট্রখনৰ সৈতে ভাৰতে দ্বিপাক্ষিক সম্পর্ক অধিক মধুৰ কৰাৰ উপৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ যৌথভাৱে কাম কৰাৰ পোষকতাও কৰিছে ৷ উল্লেখনীয় যে, দ্বীপৰাষ্ট্রখনত সংঘ্যালঘু তামিলসকলৰ স্বার্থত বিভিন্ন কল্যাণকামী আঁচনিত সাহায্য আগবঢ়াব ভাৰতে ৷ যোৱা ১৮ নৱেম্বৰত শ্রীলংকাৰ নতুন ৰাষ্ট্রপতি হিচাপে গোটাবায়া ৰাজাপাকছেই দায়িত্ব গ্রহণ কৰাৰ পিছতে প্রথমটো বিদেশ ভ্রমণসূচী লৈ ভাৰতত উপস্থিত হৈছে ৷ স্মর্তব্য যে প্রধানমন্ত্রী মোদীয়ে গোটাবায়াক ভাৰত ভ্রমণৰ বাবে আমন্ত্রণ জনাইছিল ৷

You might also like