নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: ভাৰতৰ উদ্বিগ্ণতা আৰু আহ্বানক উপেক্ষা কৰি চীনৰ চোৰাংচোৱা জাহাজক হামবানটোটা বন্দৰত মোতায়েনৰ অনুমতি দিলে শ্রীলংকা চৰকাৰে৷ নতুন দিল্লীৰ সামৰিক আন্তঃগাঁথনিকে ধৰি বিভিন্ন প্রতিষ্ঠানত চোৰাংচোৱাগিৰি কৰাৰ লক্ষ্যৰে চীনে শ্রীলংকাৰ হামবানটোটা বন্দৰত য়ুৱান ৱাং ৫ জাহাজখন মোতায়েন কৰাৰ পৰিকল্পনা ভাৰতে অৱগত হৈ শ্রীলংকা চৰকাৰক জাহাজখন বন্দৰটোত মোতায়েন কৰাত অনুমতি নিদিবলৈ আহ্বান জনাইছিল৷ প্রথম অৱস্থাত শ্রীলংকা চৰকাৰে ভাৰতৰ আহ্বানক গুৰুত্ব দি চীনৰ চোৰাংচোৱা জাহাজখন বন্দৰটোত মোতায়েনৰ পৰিকল্পনা বিলম্ব কৰিবলৈ অনুৰোধ জনায় যদিও চীনে মালয়েছিয়াৰ পৰা জাহাজখন বন্দৰ অভিমুখে যাত্রা আৰম্ভ কৰে৷ এই বিষয়টোক লৈ নতুন দিল্লীয়ে উদ্বিগ্ণতা প্রকাশ কৰে যদিও চীনৰ হেঁচাত শ্রীলংকা চৰকাৰে অৱশেষত বন্দৰটোত জাহাজখন মোতায়েন কৰিবলৈ অনুমতি দিয়ে৷
উল্লেখ্য যে ভাৰত মহাসাগৰ আৰু শ্রীলংকা চৰকাৰক সাহায্যৰে নিজৰ স্থিতি বর্ধিত কৰিবলৈ বেইজিঙে সামৰিক পৰিকল্পনা কৰায়েই নহয়, নতুন দিল্লীৰ প্রতিৰক্ষা বিভাগৰ গোপন তথ্যসমূহ সংগ্রহ কৰাৰ লক্ষ্যৰে এই চোৰাংচোৱা জাহাজখন বন্দৰটোত মোতায়েন কৰাত গুৰুত্ব দি আহিছে৷ চীনৰ চৰকাৰে প্রকাশ কৰা মতে চোৰাংচোৱা জাহাজখন ১৬ আগষ্টত হামবানটোটা বন্দৰত উপস্থিত হ’ব৷ চীনৰ হেঁচাত শ্রীলংকা চৰকাৰে সকলো দিশ সামৰি আজি চীনৰ জাহাজখন হামবানটোটাত মোতায়েন কৰাৰ অনুমতি দিয়ে৷ চীনৰ এই সিদ্ধান্তক লৈ উদ্বিগ্ণ ভাৰতৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র অৰিন্দম বাগছীয়ে কলম্বোক আহ্বান জনাই কয় যে যিহেতু শ্রীলংকা এখন সার্বভৌম দেশ গতিকে তেওঁলোকে সিদ্ধান্ত স্বতন্ত্রভাৱে ল’ব লাগে৷ অঞ্চলটোত উত্তেজনা বিৰাজ কৰিব পৰা কিম্বা সাগৰীয়া সীমান্তৱর্তী দেশ ভাৰতৰ উদ্বিগ্ণতাৰ কথাটোও গুৰুত্ব দিব লাগে৷