নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ নব্বৈৰ দশকত ‘মেইনে প্যাৰ কিয়া’ ছবিখনত নায়িকাৰ চৰিত্রত অভিনয়েৰে দেশে–বিদেশে আলোডন সৃষ্টি কৰা তথা বলীউডৰ সৌন্দর্যৰ ৰাণী হিচাপে জনপ্রিয় হৈ পৰা মোহময়ী অভিনেত্রী ভাগ্যশ্রীয়ে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তৰ মেখেলা–চাদৰ পিন্ধি খোজ দিলে ৰেম্পত৷ মুম্বাইত অনুষ্ঠিত লেকমে ফেশ্বন শ্ব’ত অসমৰ চহকী ৰেচমী সূতাৰে পৰম্পৰাগত আৰু আধুনিকতাৰ আকর্ষণীয় সংমিশ্রণেৰে থলুৱা তাঁতশালত প্রস্তুত কৰা সংযুক্তা দত্তৰ শেহতীয়া ডিজাইন ‘পলাশ’ শীর্ষক চাদৰ–মেখেলা পিন্ধি ভাগ্যশ্রীয়ে ৰেম্পত দিয়া কেট ৱাক আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰে৷ ‘পলাশ’ৰ কলাৰঙী মেখেলা–চাদৰযোৰে ৰেম্পত ভাগ্যশ্রীক পুনৰ সৌন্দর্যৰ ৰাণী হিচাপে উজলাই তোলে৷
‘অসমৰ থলুৱা বস্ত্র সম্ভাৰক দুহাতৰ পৰশৰে প্রাণ দি অতি নিটোল ৰূপত তৈয়াৰ কৰা ৰেচমী মেখেলা–চাদৰৰ স্রষ্টা ডিজাইনাৰ সংযুক্তা দত্তৰ সৈতে সংযুক্ত হ’বলৈ পাই নিজকে ধন্য মানিছোঁ৷ অসমৰ বহু থলুৱা শিপিনীক এখন নিৰাপদ কর্মক্ষেত্রৰ বাট মুকলি কৰি দিয়া সংযুক্ত দত্তৰ এই প্রয়াস নিঃসন্দেহে শলাগ ল’বলগীয়া৷ ডিজাইনাৰ সংযুক্তা দত্তলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছেছা আৰু আশা কৰিছেছা অনাগত দিনত যেন এই যাত্রা অধিক ফলপ্রসূ হয়৷’– ৰেম্পত কেট ৱাক কৰাৰ পাছতে অসম কন্যা সংযুক্তাৰ ডিজাইন সন্দর্ভত এনদৰে প্রশংসাত গদগদ হৈ পৰে একালৰ বলীউডৰ সৌন্দর্য ৰাণী ৰূপে খ্যাত অভিনেত্রী ভাগ্যশ্রীয়ে৷
ইপিনে, ভাগ্যশ্রীয়ে মেখেলা–চাদৰ পিন্ধি লেকমে ফেশ্বন উইকৰ ৰেম্পত খোজ দিয়াটো জীৱনৰ এক চিৰস্মৰণীয় মুহূর্ত বুলি অভিহিত কৰি সাম্প্রতিক বিশ্বৰ ফেশ্বন ডিজাইন জগতখনৰ অন্যতম ব্যস্ত ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তই কয়– ‘এয়াতো মোৰ বাবে অন্যতম সফল প্রাপ্তি৷ মোৰ ডিজাইনৰ অভিনৱ সম্ভাৰ ‘পলাশ’ৰ মেখেলা–চাদৰ পিন্ধি লেকমে ফেশ্বন উইকৰ ৰেম্পত খোজ দিছে বলীউডৰ সৌন্দর্য ৰাণী ভাগ্যশ্রীয়ে৷ ইয়াতকৈ আৰু সুখৰ উৎস আন কি হ’ব পাৰে এনে এখন বিশ্বৰ আগশাৰীৰ মঞ্চত অসমৰ চিৰযুগমীয়া বস্ত্র সম্ভাৰ প্রদর্শন কৰিব পোৱাটো অসমবাসীৰ বাবেই এক বর্ণিল সুযোগ৷’
শাৰদীয় দুর্গাপূজা, দীপাৱলী আদি উৎসৱকালীন ঋতুৰ সৈতে সম্পর্ক ৰাখি প্রস্তুত কৰা সংযুক্তা দত্তৰ শেহতীয়া ফেশ্বন ব্রেণ্ড হৈছে পলাশ৷ পৰম্পৰাগত ভাৰতীয় সাজ–সজ্জাক আধুনিকতাৰ পৰশেৰে নানাৰঙী ৰূপত প্রস্তুত কৰা হৈছে পলাশৰ অগতানুগতিক ৰেচমী বস্ত্র সম্ভাৰ৷ ভাৰতীয় কৃষ্টি–সংস্কৃতিৰ সৈতে নিভাঁজ সম্পর্ক ৰাখি ঘাইকৈ কমলা, ৰঙা, বেঙুনীয়া আৰু ক’লা ৰঙত সকলো ভাৰতীয়ৰে মন মুহিব পৰাটো সংযুক্তাৰ শেহতীয়া ব্রেণ্ড পলাশৰ মূল বৈশিষ্ট্য৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অভিযান্ত্রিকৰ স্নাতক ডিগ্রীধাৰী তথা ৰাজ্য চৰকাৰৰ লোভনীয় চাকৰি স্বেচ্ছাই ত্যাগ কৰি ফেশ্বন ডিজাইনৰ দৰে অত্যন্ত প্রত্যাহ্বানমূলক জগতখনত খোজ দিয়া সংযুক্তা দত্তই নিজৰ অনন্য প্রতিভা–কল্পদৃষ্টি আৰু সৃজনীশীলতাৰে নাতিদীর্ঘ সময়ৰ পৰিক্রমাত নিজৰ লগতে ৰাজ্যখনকো উজলাই তুলিবলৈ সক্ষম হৈছে৷
সমান্তৰালভাৱে ডিজাইনাৰ সংযুক্তা দত্তই অসমৰ থলুৱা শিপিনীক দিছে আত্মনির্ভৰশীলতাৰ এখন নিৰাপদ কর্মক্ষেত্র৷ বলীউডৰ প্রখ্যাত–জনপ্রিয় অভিনেত্রী হেমা মালিনী, বিপাশা বসু, প্রীতি জিণ্টা, কৰীশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্রিয় ফেশ্বন শ্ব’ লেকমে ফেশ্বন শ্ব’ উইক, এফ ডি চি আইসহ একাধিক প্রসিদ্ধ ফেশ্বন শ্ব’ৰ ৰেম্পত সংযুক্তা দত্তই প্রস্তুত কৰা থলুৱা পাট–মুগাৰ ডিজাইনৰ বস্ত্রৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷
তদুপৰি ২০১৫ চনত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ অহা ইংলেণ্ডৰ ৰাজবোৱাৰী কেট মিডল্টনে পৰিধান কৰা আটকধুনীয়া সাজযোৰো প্রস্তত তথা ডিজাইন কৰিছিল ডিজাইনাৰ সংযুক্তা দত্তই৷ একক–নন্য– অগতানুগতিক নিপুণ কলাশৈলীৰ বাবে আন্তর্জাতিক পর্যায়ৰ অন্যতম প্রসিদ্ধ নিউয়র্ক ফেশ্বন উইকতো ইতিমধ্যে অসম কন্যা সংযুক্তা দত্তই নিজৰ খ্যাতি সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে৷