নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদত ‘কেব’ৰ বিৰোধিতা বিৰোধীৰ : কোন কোন সাংসদৰ বিৰোধিতা ?

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ সোমবাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পাচতেই সদনৰ মজিয়াত উত্তপ্ত হৈ পৰিছে বিৰোধী । অমিত শ্বাহে সদনত বিধেয়কখন উত্থাপন কৰাৰ পাচতেই এই বিধেয়কক সংখ্যালঘু বিৰোধী আখ্যা দিয়ে কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে । মূলত সংখ্যালঘু লোকক লক্ষ্য কৰি এই বিধেয়ক উত্থাপন কৰা হৈছে বুলিও কটাক্ষ কৰে সাংসদগৰাকীয়ে ।

অধীৰ ৰঞ্জন চৌধুৰীৰ এই বক্তব্যৰ প্ৰত্যুত্তৰ স্বৰূপে অমিত শ্বাহে উল্লেখ কৰে যে, এই বিধেয়কে দেশৰ সংখ্যালঘুলোকৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নেপেলায় ।

বিধেয়কক লৈ সংসদত সৰৱ হোৱা দেখা গ’ল ৰিভল’শ্বনেৰী ছচিয়েলিষ্ট পাৰ্টীৰ সাংসদ এন কে প্ৰেমচন্দ্ৰক । এই বিধেয়কে ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ বিষয়টোক সম্পূৰ্ণ ৰূপে জলাঞ্জলি দিয়াৰ লগতে প্ৰভাৱ পেলাব ভাৰতৰ জনগাঁথনিত । গতিকে এনে এখন সংবিধানবিৰোধী বিল কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ।

সদনৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কক আম আদমী পাৰ্টীৰ সাংসদ সকলেও বিৰোধিতা কৰে ।

বিধেয়কক লৈ সদনত সৰৱ হোৱা দেখা গ’ল তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰয়ক । ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ লগতে এই বিধেয়কে অনুচ্ছেদ ১৪ ক উলংঘন কৰিছে বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ।

কেবক লৈ ভাৰতৰ এজন চৰ্চিত নেতা তথা হায়দৰাবাদৰ সাংসদ আশ্বাউদ্দিন অৱেছীয়েও সদনৰ মজিয়াত নিজৰ বিৰোধিতা স্পষ্ট কৰে । এই বিধেয়কে কৰিব পৰা ক্ষতিয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ নাম হিটলাৰৰ সৈতেহে তুলনা কৰিব বুলি কয় সাংসদ অৱেছীয়ে ।

You might also like