নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ জম্মু–কাশ্মীৰৰ কুপৱাৰাত অভিযান চলাই সন্ত্রাসবাদীক আর্থিক সাহায্য আগবঢ়াই অহা বৃহৎ চক্র এটা উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷ অকল অর্থ–সাহায্য আগবঢ়োৱাই নহয়, সন্ত্রাসবাদী সংগঠনত যুৱকক নিয়োগৰ সৈতেও জড়িত আছিল এই চক্রটো৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত ৬জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ধৃত লোককেইজনৰ জিম্মাৰ পৰা বিপুল পৰিমাণৰ অস্ত্র আৰু বিস্ফোৰক জব্দ কৰা হৈছে৷ উত্তৰ কাশ্মীৰত বৃহৎ কূটাঘাত চলোৱাৰ পৰিকল্পনা চলাইছিল এই চক্রটোৱে৷ আৰক্ষীৰ এগৰাকী শীর্ষ বিষয়াই উল্লেখ কৰা অনুসৰি এই চক্রটোৱে বোমা আৰু গ্রেনেড প্রস্তুতৰ বিভিন্ন সঁজুলি তথা বিস্ফোৰক মজুত কৰি ৰাখিছিল৷ দীর্ঘদিন ধৰি আৰক্ষীয়ে কুপৱাৰাত সন্ত্রাসবাদী সংগঠনৰ একাংশ তৰুণক নিযুক্তি দি থকা বুলি তথ্য লাভ কৰি আহিছিল৷ গোপন সূত্রৰ খবৰ পোৱাৰ পাছত আজি হঠাতে আৰক্ষী আৰু সেনাৰ যৌথ বাহিনীয়ে অঞ্চলটোত তালাচী চলায়৷ তেতিয়াই এই চক্রটোৰ সক্রিয়তাৰ তথ্য পোহৰলৈ আহে৷