নিয়মীয়া বাৰ্তা, ১ মেঃ ভাৰতত ক’ৰোনা ভাইৰাছত আক্রান্ত আৰু মৃতকৰ সংখ্যা ক্রমাৎ বৃদ্ধি পালেও কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে মন্তব্য কৰিছে যে অনাগত কেইটামান সপ্তাহত আমি ক’ভিড–১৯ যুঁজত জয়ী হ’ম ৷ মার্চ মাহৰ পৰা ভাৰতত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাইছে আৰু প্রায় ৩৪ হাজাৰ লোকলৈ এই মহামাৰী সংক্রমিত হৈছে ৷ মৃত্যু হৈছে ১১০০তকৈও অধিক লোক ৷ কিন্তু বৃহস্পতিবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রীজনে দাবী কৰে যে পৃথিৱীৰ আন দেশসমূহৰ তুলনাত ভাৰতে ক’ভিড–১৯ ৰোগ প্রতিৰোধৰ ক্ষেত্রত অধিক সফলতা লাভ কৰিছে ৷ ‘মই নিশ্চিত যে সমাগত কেইটামান সপ্তাহত ক’ভিড–১৯ৰ বিৰুদ্ধে নির্ণায়ক যুঁজত আমি জয়ী হ’ম ৷’
আনহাতে, কেন্দ্রীয় চৰকাৰে কেইটামান দিনৰ ভিতৰত প্রতিদিনে ক’ভিড–১৯ পৰীক্ষণৰ পৰিমাণ ১ লাখলৈ বৃদ্ধি কৰাৰ বাবে কাম কৰি থকাৰ কথা জানিবলৈ দিয়ে কেন্দ্রীয় স্বাস্থ্যমন্ত্রীজনে ৷ তেওঁ কয় যে দেশত ২৮৮টা চৰকাৰী লেব, ৯৭টা ব্যক্তিগত খণ্ডৰ লেবৰ লগতে প্রায় ১৬ হাজাৰটা নমুনা সংগ্রহ কেন্দ্রৰ জৰিয়তে প্রতিদিনে বর্তমান প্রায় ৬০ হাজাৰ ক’ৰোনা ভাইৰাছ টেষ্ট সম্পন্ন কৰি থকা হৈছে ৷ প্রসংগক্রমে ক’ৰোনাত বিশ্বজুৰি মৃত্যুৰ হাৰ ৭ শতাংশৰ বিপৰীতে ভাৰতত মাত্র ৩ শতাংশ বুলিও উল্লেখ কৰে ৷ ভাৰতত মাত্র ৩.৩৩ শতাংশ ৰোগী ভেণ্টিলেটৰত, ১.৫ শতাংশ ৰোগীক অক্সিজেনৰ সহায় প্রদান কৰাৰ লগতে ২.৩৪ শতাংশ ৰোগী আইচিইউত থকা বুলি স্বাস্থ্যমন্ত্রীজনে কয় ৷