নিয়মীয়া বাৰ্তা, ৪ মার্চঃ বিকাশ আমাৰ মন্ত্র, উন্নয়নৰ বাবে শান্তি, একতা আৰু সংহতি অনিবার্য৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ আজি নতুন দিল্লীৰ সংসদ ভৱনত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকত প্রধানমন্ত্রীয়ে মোদীয়ে সাংসদসকলক উদ্দেশ্যি এই মন্তব্য আগবঢ়ায় ৷ একাংশ ৰাজনৈতিক দলৰ বাবে ৰাজনৈতিক স্বার্থই সর্বচ্চ বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বিজেপিৰ কাৰণে দেশৰ স্বার্থ সকলোতকৈ ওপৰত৷ দিল্লী হিংসাক লৈ উদ্বিগ্ণতা প্রকাশ কৰি বিৰোধীয়ে এই হিংসাত মোদী চৰকাৰক সাঙুৰিব খোজাৰ অভিসন্ধি নস্যাৎ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে সমাজত শান্তি আৰু সংহতি নিশ্চিত কৰি ৰখাটো সাংসদসকলৰ দায়িত্ব৷ উল্লেখ্য যে কালি দিল্লীৰ হিংসা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পদত্যাগৰ দাবীত লোকসভাৰ মজিয়াত শাসক–বিৰোধীৰ মাজত দুর্বাদল কাজিয়া হৈছিল৷ মোদী চৰকাৰক সমালোচনা কৰাৰ বাবে কংগ্রেছসহ বিৰোধীৰ ভূমিকা চলিত বাজেট অধিৱেশনত দৃষ্টিকটু হোৱাৰ বাবে তাক প্রতিহত কৰা লক্ষ্যৰে আজি সংসদ ভৱনত বিজেপিৰ সাংসদসকলৰ বৈঠক অনুষ্ঠিত কৰা হয় ৷