নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত মাহৰ পিছত খুলিল কাশ্মীৰৰ বিদ্যালয়

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ সুদীর্ঘ সাত মাহৰ পিছত সোমবাৰে কাশ্মীৰত পুনৰ মুকলি কৰা হৈছে বিদ্যালয়বোৰ৷ যোৱা বছৰ ৫ আগষ্টত সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰ পিছৰে পৰা কাশ্মীৰ উপত্যকাত বন্ধ হৈ আছিল বিদ্যালয়বোৰ৷ নৱেম্বৰ মাহত চৰকাৰে বিদ্যালয়বোৰ পুনৰ মুকলি কৰাৰ চেষ্টা চলাইছিল যদিও মাত্র কিছুসংখ্যক বিদ্যালয়তহে পাঠদান সম্ভৱ হৈছিল৷ সাধাৰণতে কাশ্মীৰত শীতকালীন বন্ধ তিনি মাহ দিয়া হয়৷ কিন্তু সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰে বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি জম্মু–কাশ্মীৰক দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ পিছৰে পৰা বিদ্যালয়বোৰ বন্ধ হৈ আছে৷

কালি বিদ্যালয়বোৰত শিক্ষার্থী আৰু শিক্ষক–শিক্ষয়িত্রী সকল উপস্থিত হোৱাৰ পিছতেই এক উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কেইবাগৰাকীও শিক্ষার্থীয়ে বিদ্যালয়ত প্রৱেশ কৰিয়েই নিজৰ সন্তুষ্টিৰ কথা সংবাদ মাধ্যমক জনাইছে৷

You might also like