ৰোমঃ সুদীৰ্ঘ ৫০ বছৰৰ পিছত বানত ডুবিছে ইটালীৰ চহৰ ভেনিছ। সমুদ্ৰৰ জোৱাৰ পৰ্যবেক্ষণ কেন্দ্ৰই সদৰী কৰা তথ্যৰ মতে বুধবাৰে চহৰখনৰ বিভিন্ন অঞ্চলত ৬ফুট উচ্চতালৈ উঠা জোবাৰে সৃষ্টি কৰে তাণ্ডবৰ। ইয়াৰ পিছতেই স্তৱ্ধ হৈ পৰে চহৰখনৰ স্ৱাভাৱিক জনজীৱন। উল্লেখ্য যে ১৯২৩চনত ভেনিছত হৈছিল ভয়াৱহ বান। ইতিমধ্যে ভেনিছ প্ৰশাসনে বিভিন্ন স্থানত জৰুৰী অৱস্থাও ঘোষণা কৰিছে।