নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ: এলএচিকে ধৰি সীমা বিবাদ সম্বন্ধীয় বিভিন্ন বিষয়ৰ সমাধান হ’লেহে চুবুৰীয়া ৰাষ্ট্র চীনৰ সৈতে স্বাভাৱিক সম্পর্ক উভতি আহিব৷ অর্থাৎ সীমা বিবাদ অন্ত হ’লেহে চীনৰ সৈতে সম্পর্ক সুস্থিৰ হ’ব৷ এই মন্তব্য কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ৷ ইণ্ডিয়া টুডে কনক্লেভত এলএচিত চীনৰ সৈতে সংঘাত সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত কেন্দ্রীয় বৈদেশিক মন্ত্রীগৰাকীয়ে এই মন্তব্য কৰি সম্প্রতি দুই দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক প্রত্যাহ্বান আৰু অস্বাভাৱিক পর্যায়ত আছে৷ হিমালয়ৰ সীমান্ত আৰু অৰুণাচল প্রদেশৰ এলএচিত দুই দেশৰ মাজত উত্তেজনাময় পৰিৱেশ এটা চলি আহিছে৷ এই লৈ দুই দেশৰ মাজত কমাণ্ডাৰ পর্যায়ৰ সামৰিক বিষয়াৰ আলোচনা আৰু কূটনৈতিক আলোচনা চলিছে যদিও ই মীমাংসিত হোৱা নাই৷ অর্থাৎ দুই দেশে ফলপ্রসূ সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ দুই দেশে এলএচিৰ বিবদমান অঞ্চলৰ পৰা সেনা আঁতৰোৱাৰ সহমতত উপনীত হ’লেও উক্ত অঞ্চলৰ পৰিস্থিতি এতিয়াও স্পর্শকাতৰ আৰু বিপজ্জনক হৈ আছে৷ কিয়নো এলএচিৰ সমীপত দুয়ো দেশৰ সেনাই নিজ দেশৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ বাবে স্থিতি গ্রহণ কৰি আছে৷ সামৰিক দৃষ্টিভংগীৰে চালে এলএচিৰ পৰিস্থিতি এতিয়াও বিপজ্জনক হৈ আছে৷ অলপতে চীনৰ বৈদেশিক মন্ত্রী ৱাং য়িৰ সৈতে তেওঁ বৈঠকত মিলিত হৈ সীমান্ত সমস্যা সমাধানৰ বাবে বুজাবুজিলৈ অহাৰ ব্যাপক আলোচনা হৈছিল যদিও ই চূড়ান্ত পর্যায়ত উপনীত হোৱা নাই৷