নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰ এতিয়াৰে পৰা ২৪ ঘণ্টাই খোলা থাকিব মল হোটেল আৰু চিনেমা হ’ল

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ এতিয়াৰে পৰা ২৪ ঘণ্টাই মুম্বাইত মল, হোটেল আৰু চিনেমা হ’ল খোলা থাকিব। বুধবাৰে ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী আদিত্য থাকৰে এই কথা জানিবলৈ দিছে। মন্ত্ৰীগৰাকীৰ মতে মুম্বাই হৈছে আন্তঃৰাষ্ট্ৰীয় চহৰ, সেইবাবে নৈশ জীৱনৰ বাবে মঞ্জুৰি প্ৰদান কৰিছে। লণ্ডনত নৈশ জীৱনৰ বাবে অৰ্থব্যৱস্থা বৃদ্ধি হৈছে। মুম্বাইতো আয় বৃদ্ধি হ’ব আৰু কৰ্ম সংস্থাপন বৃদ্ধি পাব। এই সিদ্ধান্তৰ পিছত আৰক্ষীৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে।
লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে অৱশ্যে ২৪ ঘণ্টাই পাব আৰু বাৰ সমূহ খোলা নাথাকে। পাব আৰু বাৰ সসূহ ৰাতি ১.৩০ বজালৈকে খোলা থাকিব। আনহাতে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে কয় যে নৈশ জীৱনৰ প্ৰথমটো পৰ্যায় ২৭ জানুৱাৰীত মুম্বাইত আৰম্ভ হ’ব।

You might also like