নিয়মীয়া বাৰ্তা, ১০ মে’ : ক’ভিড–১৯ ৰোগীক ডিচার্জৰ ক্ষেত্রত সংশোধিত নির্দেশনা জাৰি কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৷ পূর্বৰ নির্দেশনাৰ কিছু সংশোধন ঘটাই শুকুৰবাৰে জাৰি কৰা নতুন নির্দেশনা অনুযায়ী কেৱল সংকটজনক ক’ভিড–১৯ৰ ৰোগীক ডিচার্জ কৰাৰ পূর্বে পৰীক্ষা কৰা হ’ব ৷ ইয়াৰ পূর্বে নির্দেশনাত আছিল লেবৰেটৰীত নিশ্চিত ৰোগীৰ পৰীক্ষণ ১৪ দিনত এবাৰ আৰু পাছত ২৪ ঘণ্টাত পুনৰ এবাৰ পৰীক্ষা কৰা হয় ৷ দুয়োবাৰতে যদি ৰোগীজনৰ ফলাফল নিগেটিভ ওলায়, তেতিয়াহ’লে চিকিৎসালয়ৰ পৰা ডিচার্জ কৰা হয় ৷ এই নির্দেশনাৰ সংশোধনী ঘটাই থ্রী টায়াৰ সুবিধা সংলগ্নৰে নতুন নির্দেশনাত ক’ভিড–১৯ ৰোগীৰ স্বাস্থ্যৰ অৱস্থাৰ প্রতি লক্ষ্য ৰাখি বিভক্ত কৰা হ’ব ৷
(১) মৃদু/অতি মৃদু/প্রাক্ লক্ষণবিহীন ৰোগীক ক’ভিড–১৯ ব্যৱস্থাযুক্ত চিকিৎসালয়ত ভর্তি কৰি নিয়মিত তাপমাত্রা আৰু শৰীৰ নিৰীক্ষণ কৰা হ’ব ৷ ১০ দিনত ৰোগীৰ লক্ষণ আৰু তিনি দিন ধৰি জ্বৰ নাথাকিলে তেনে ৰোগীক ডিচার্জ কৰা হ’ব ৷ এনে ক্ষেত্রত ডিচার্জৰ পূর্বে কোনো পৰীক্ষাৰ আৱশ্যক নহ’ব ৷ নির্দেশনা অনুযায়ী ডিচার্জৰ পাছত ৰোগীক ৭ দিনৰ বাবে হোম আইছ’লেচন অনুকৰণ কৰিবলৈ পৰামর্শ দিয়া হ’ব ৷ ক’ভিড–১৯ কেয়াৰ চেণ্টাৰ (চি চি চি) চেণ্টাৰৰ পৰা ডিচার্জৰ প্রাক্মুহূর্তত যদি কোনো ৰোগীৰ অক্সিজেনৰ মাত্রা ৯৫ শতাংশৰ নিম্নগামী হয়, তেতিয়াহ’লে তেনে ৰোগীক ক’ভিড–১৯ হেল্থ চেণ্টাৰলৈ (ডি চি এইচ চি) প্রেৰণ কৰা হ’ব ৷ এই সুবিধাৰ পৰা ডিচার্জ হোৱা ৰোগীৰ দেহত যদি পুনৰ জ্বৰ, কাহ অথবা উশাহ–নিশাহত কষ্ট হয়, তেতিয়াহ’লে ডি চি এইচ চি অথবা ৰাজ্যিক হেল্পলাইন অথবা ১০৭৫ত যোগাযোগ কৰিব লাগিব ৷ তেনে ৰোগীৰ স্বাস্থ্য টেলি কনফাৰেঞ্চৰ যোগেদি অনুসৰণ কৰা হ’ব ৷
(২) মজলীয়া ৰোগীক অক্সিজেন বিছনাযুক্ত ক’ভিড–১৯ হেল্থ চেণ্টাৰত ভর্তি কৰোৱা হ’ব৷ এই সময়ছোৱাত মজলীয়া ৰোগীজনৰ দেহৰ তাপমাত্রা আৰু অক্সিজেন ছেছুৰেচন নিৰীক্ষণ কৰা হ’ব৷ যদি তিনি দিনৰ ভিতৰত এই ৰোগীৰ জ্বৰ শাম কাটে আৰু পৰৱর্তী চাৰি দিনত অক্সিজেন ছেছুৰেচন ৯৫ শতাংশৰ ঊর্ধ্বত থাকে (অক্সিজেন সহায় অবিহনে), তেতিয়াহ’লে তেনে ব্যক্তিক ১০ দিনৰ পাছত ডিচার্জ কৰা হ’ব৷ অর্থাৎ জ্বৰৰ কোনো লক্ষণ নথকা, শ্বাস–প্রশ্বাসত অসুবিধা নোপোৱা আৰু অক্সিজেন নলগা ৰোগীক ডিচার্জ কৰাৰ সময়ত কোনো পৰীক্ষণৰ আৱশ্যক নহ’ব ৷ ডিচার্জ কৰা ৰোগীসকলে নির্দেশনা অনুসৰি ৭ দিনৰ হোম আইছ’লেচন অনুকৰণ কৰিব লাগিব ৷ আনহাতে, কোনো ৰোগীৰ যদি তিনি দিনলৈ জ্বৰ নেৰে আৰু অক্সিজেন থেৰাপীৰ প্রয়োজন হৈ থাকে, তেনে ৰোগীক শৰীৰৰ লক্ষণ শেষ নোহোৱালৈকে আৰু ধাৰাবাহিকভাৱে তিনি দিনৰ কাৰণে অক্সিজেনৰ প্রয়োজন নহ’লে, তেনে ৰোগীক ডিচার্জ কৰা হ’ব ৷
(৩) গুৰুতৰভাৱে অসুস্থ ৰোগীক (ইমুনোকম্প্রমাইজ–এইচ্ ৰোগী, সংৰোপণ কৰা ৰোগী, বহু ৰোগত আক্রান্ত ৰোগী) আৰ টি–পি চি আৰৰ (লক্ষণসমূহ নোহোৱা) দ্বাৰা এবাৰ পৰীক্ষাত ফলাফল নিগেটিভ আৰু স্বাস্থ্যৰ সুস্থতাৰ আধাৰত ডিচার্জ কৰা হ’ব ৷